সুস্থ মন-সমাজ গঢ়াত যোগাভ্যাস

আধুনিক চিকিত্সা শাস্ত্ৰৰ উত্তৰণে বিস্তাৰ লাভ কৰাৰ লগে লগে মানৱ সমাজত ইয়াৰ  সুদুৰপ্ৰসাৰী প্ৰভাৱ পৰিছে । আধুনিক চিকিত্সা শাস্ত্ৰই মানুহক বিভিন্ন সময়ত আক্ৰান্ত  হোৱা ৰোগৰ পৰা মুক্তি লাভ কৰাৰ উপায় প্ৰদান কৰি আহিছে। সভ্যতাৰ উত্থানৰ সৈতে যিদৰে নতুন নতুন ৰোগে প্ৰাদুৰ্ভাৱ বিস্তাৰ কৰিছে, সেইদৰে চিকিত্সা শাস্ত্ৰইও নিত্য-নতুন গৱেষণা আৰু প্ৰয়োগেৰে সেই ৰোগসমূহক প্ৰতিহত কৰিবলৈ যত্পৰোনাস্তি কৰি আহিছে।

আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ যে প্ৰাচীন কালৰে পৰা  ভাৰতীয় সভ্যতাত আয়ূৰ্বেদিক চিকিত্সাই প্ৰাধান্য লাভ কৰি আহিছে। এই বৈদিক চিকিত্সা প্ৰণালীয়ে বৰ্তমান সময়তো পাশ্চাত্যৰ বিভিন্ন দেশসমূহত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৈদিক চিকিত্সা প্ৰণালীত যোগ সাধনাৰ এক অতি গুৰুত্বপূৰ্ণ  স্থান আছে।  প্ৰাণায়ম, যোগাসন আৰু ধ্যান এই তিনিওটা উপাদান বৈদিক চিকিত্সা প্ৰণালীৰ অভিন্ন অঙ্গ। এই তিনিওটা উপাদানৰ সুসংহত আৰু সকাৰাত্মক প্ৰয়োগৰ জৰিয়তে এক সুস্থ শৰীৰ লাভ কৰিব পাৰি।

আধুনিক চিকিত্সা প্ৰণালী আৰু বৈদিক চিকিত্সা প্ৰণালীৰ মাজত অতি প্ৰাথমিক আৰু বিধিগত পাৰ্থক্য হৈছে যে আধুনিক চিকিত্সা প্ৰণালীয়ে মানুহক ৰোগৰ পৰা মুক্তি  লাভ কৰাত সহায় কৰে আৰু অন্যহাতে বৈদিক চিকিত্সা প্ৰণালীয়ে মানুহক ৰোগ-ব্যাধিয়ে আক্ৰমণ কৰিব নোৱাৰাকৈ নিৰোগী হৈ থকাত সহায় কৰে। দ্বিতীয়তে, বৈদিক চিকিত্সা প্ৰণালী মূলতঃ প্ৰাণায়ম, যোগাসন আৰু ধ্যানৰ চৰ্চাত আধুনিক চিকিত্সা প্ৰণালীৰ ক্ষেত্ৰত সততে সন্মুখীন হ’বলগীয়া পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাথাকে।

যোগাভ্যাসৰ সৈতে সততে আমাৰ এক ভ্ৰান্ত্ৰ ধাৰণা জড়িত হৈ থাকে যে অতিপাত শকত-আৱট, ৰোগগ্ৰস্থ লোকৰ বাবেহে যোগাভ্যাস দৰকাৰী, অন্যথা এজন নিৰোগী সুস্থ সৱল মানুহৰ বাবে ইয়াৰ কোনো প্ৰয়োজন নাই। আধুনিক চিকিত্সা প্ৰণালী আৰু বৈদিক চিকিত্সা প্ৰণালীৰ প্ৰায়োগিক পাৰ্থক্য এইখিনিতেই। আধুনিক পৰিৱৰ্তিত জীৱনশৈলীৰ সৈতে তাল মিলাই চলিবৰ বাবে মানুহক শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰমৰ অধিক প্ৰয়োজন হয়। সেয়ে আজিৰ সামাজিক পৰিপ্ৰেক্ষিতত মানুহে কায়িক শ্ৰমৰ পৰা বহুপৰিমানে মুক্তি  লাভ কৰিছে।  কায়িক শ্ৰমৰ পৰা অব্যাহতি লাভ কৰাটোৱে যিদৰে মানুহক এক আৰামদায়ক জীৱন যাপনৰ অৱসৰ দিছে ঠিক সেইদৰেই ই মানুহক বিভিন্ন ধৰণৰ ব্যাধিৰ চিকাৰো কৰি তোলিছে। মেদবহুলতা, উচ্চ-ৰক্তছাপ, মধূমেহ আদি উপসৰ্গ অতি কম বয়সৰ পৰাই মানুহৰ মাজত দেখা দিবলৈ লৈছে।  অতীজতে অস্তিত্ব  নথকা বহু ধৰণৰ নিত্য-নতুন ৰোগৰো মানৱ সমাজত অভুত্থান ঘটিবলৈ লৈছে।

আমাৰ শৰীৰৰ এক বৈশিষ্ট্য হৈছে যে ই পৰিবেশ আৰু পৰিস্থিতি তন্ত্ৰৰ সৈতে নিজকে খাপ খোৱাই লব পাৰে। চাৰ্লছ ডাৰৱিনৰ বিৱৰ্তনৰ সূত্ৰইও মানুহৰ পৰিৱৰ্তনশীল শাৰিৰীক উত্কৰ্ষৰ সিদ্ধান্তকেই প্ৰতিফলিত কৰিছে। মানুহ প্ৰাকৃতিক ভাৱে পৰিৱৰ্তনৰ লগত সামঞ্জস্যশীল। পৰিৱেশ আৰু পৰিস্থিতি তন্ত্ৰৰ পৰিৱৰ্তনে মানুহ ক সূক্ষ্মাতিসূক্ষ্ম ভাৱে পৰিৱৰ্তনৰ লগত খাপ খাব পৰাকৈ গঢ়ি তোলে।  মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও এইদৰে প্ৰাকৃতিক ভাৱে বিকশিত হৈ থাকে।  অত্যধিক ঔষধ সেৱনৰ ফলত মানুহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত মানুহ সম্পূৰ্ণভাৱে ঔষধৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈ পৰে। আধুনিক চিকিত্সা শাস্ত্ৰৰ এই সীমাৱদ্ধতাৰ কথা বহু চিকিত্সাবিদে বহুক্ষেত্ৰত স্বীকাৰ  কৰিছে।

ভাৰতীয় সভ্যতাত প্ৰাচীনকালৰে পৰা প্ৰচলিত প্ৰাকৃতিক বৈদিক চিকিত্সা পদ্ধতিৰ প্ৰতি পশ্চিমীয়া উন্নত দেশসমূহৰ বৰ্ধিত আগ্ৰহৰ কাৰণো সেয়াই। আৰোগ্য লাভ কৰাতকৈ নিৰোগী হৈ থাকিব পৰাটো হৈছে বৈদিক চিকিত্সা প্ৰণালীৰ অন্তৰ্গত প্ৰাণায়ম, যোগাসন আৰু ধ্যান চৰ্চাৰ প্ৰকৃত উদ্দেশ্য।

এক সুস্থ-সৱল জীৱন যাপনৰ ক্ষেত্ৰত এক সুস্থ শৰীৰৰ লগতে এক সুস্থ মানসিক স্বাস্থ্যৰো প্ৰয়োজন থাকে।  সামাজিক উশৃংখলতা আৰু অপৰাধ প্ৰৱনতাৰ পৰা মুক্ত এখন সমাজৰ বাবে প্ৰতিজন নাগৰিকৰ সুস্থ মানসিক স্বাস্থ্য হৈছে প্ৰথম চৰ্ত। প্ৰাণায়ম, যোগাসন আৰু ধ্যান চৰ্চাই এক সুস্থ শৰীৰ গঢ় দিয়াৰ সমান্তৰালকৈ এক সুস্থ মানসিক স্বাস্থ্যৰ ভেটিও গঢ়ি তোলে। মানসিক চাপৰ পৰা আতৰত ৰাখি মনৰ সক্ষমতা আৰু একাগ্ৰতা বৃদ্ধিৰ ক্ষেত্ৰত যোগাভ্যাসৰ অৱদান অনস্বীকাৰ্য।

এক নিৰোগী শৰীৰ আৰু শক্তিশালী মানসিক স্বাস্থ্যৰ বাবে মানুহক যোগাভ্যাসৰ সমান্তৰালকৈ সন্তুলিত আহাৰ, মানসিক পুষ্টি সাধনৰ বাবে অধ্যয়ন আৰু বিশ্ৰামৰ  অতি প্ৰয়োজন। ৰোগ আৰু ব্যাধিৰে জৰ্জৰিত হৈ নিৰাময়ৰ বাবে হাঁহাকাৰ কৰাতকৈ কিছু সচেতনতাৰে আমি নিয়মিত প্ৰাণায়ম, যোগাসন আৰু ধ্যান চৰ্চাৰ জৰিয়তে নিজকে সুস্থ কৰি ৰখাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ অংশীদাৰ হ’ব পাৰোঁ।

Facebooktwittergoogle_plusredditpinterestlinkedinmailFacebooktwittergoogle_plusredditpinterestlinkedinmail

Submit a comment