সাংস্কৃতিক অধিগ্ৰহণঃ অসমীয়াই ভাৱিবৰ হ’ল

পৃথিৱীৰ সভ্যতাত আজিলৈকে বহু জাতিৰ উত্থান, পতন আৰু বিনাশ ঘটিছে। এনে ধৰণৰ প্ৰক্ৰিয়া এটাত বহু কাৰকৰ অৱদান থাকে।  সাংস্কৃতিক অৱনমন, ভাষিক অধিগ্ৰহণ, পাৰম্পৰিক সংমিশ্ৰণ আৰু জাতিটোৰ আৱেগিক শক্তিৰ অৱক্ষয়  ইত্যাদি বাৰে-এবুৰি উপাদানৰ কৱলত এটা জাতিৰ মৃত্যু ঘন্টা বাজিবলৈ আৰম্ভ হ’য় আৰু সময়মতে ওভটি থিয় দিব নোৱাৰিলে কালক্ৰমত জাতিটোৰ অস্তিত্ব সময়ৰ বুকুত বিলীন হৈ যায়।

পৃথিৱীৰ ইতিহাসত উপৰোক্ত উদাহৰণৰ অভাৱ নাই, কিন্তু এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰি পুনৰোত্থান ঘটাৰ ঘটনাও কিন্তু অতি কম নহয়। ভাষিক অধিগ্ৰহণৰ কথা কবলৈ গ’লে পৃথিৱীৰ বহু শক্তিশালী ভাষা ইংৰাজী ভাষাৰ কৱলত পৰি বিলুপ্ত অথবা বিলুপ্তপ্ৰায় হৈ যোৱাৰ ঘটনা যোৱা দুটা শতিকাতে অলেখ পোৱা যায়।

সংস্কৃতিৰ ক্ষেত্ৰতো ই তদ্ৰুপ। বহু জাতিৰ সংস্কৃতি আন কোনো চুবুৰীয়া বা অন্য প্ৰভাৱশালী সাংস্কৃতিক শক্তিৰ গ্ৰাসত বিলীন হৈ গৈছে। ই কোনো নতুন পৰিঘটনা নহয় অথবা ইয়াত আচৰিত হবলগা একো নাই। ই এক স্বাভাৱিক পৰিঘটনা আৰু এই সমগ্ৰ পৰিঘটনা চকুৰ পচাৰতে সংঘটিত নহয়। এই সাংস্কৃতিক অধিগ্ৰহণৰ প্ৰক্ৰিয়াত বহু দশক দশক জোৰা সাংস্কৃতিক অৱনমন আৰু ভাষিক অধিগ্ৰহণ যদিও মূল কাৰক আন বহুতো সূক্ষ্ম আৰু প্ৰভাৱশালী কাৰকৰ অৱদান থাকে।

এটা জাতিৰ জাতীয়তাবাদী মনোভাৱৰ পতন ঘটাৰ মূহু্ৰ্ততে এই প্ৰক্ৰিয়াৰ বীজে গজালি মেলে। কোলাৰতো এৰি বোকোছাৰটো লোৱাৰ প্ৰৱণতাই এই প্ৰক্ৰিয়াত ইন্ধনৰ কাম কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন সাংস্কৃতিক উপাদানে অভিযোজনৰ স্বাভাৱিক প্ৰকৃতি এৰি অধিগ্ৰহণৰ অস্বাভাৱিক আগ্ৰাসী ৰূপ ধাৰণ কৰাটো এই প্ৰক্ৰিয়াৰ এটা স্বাভাৱিক ক্ৰিয়া। এনে প্ৰক্ৰিয়াৰ ফলস্বৰূপে বহুতো মনোগ্ৰাহী, বহুমূলীয়া সংস্কৃতি, সাংস্কৃতিক উপাদানৰ অকাল মৃত্যু ঘটিবলৈ বাধ্য হয়। এনে পৰিঘটনা অতি ক্ষুদ্ৰ জাতি-গোষ্ঠীৰ ক্ষেত্ৰত অধিক পৰিলক্ষিত হয় । অতি সাধাৰণভাৱে চালে অসমীয়া সংস্কৃতিৰ প্ৰভাৱত এনে বহুতো ক্ষুদ্ৰ জনগোষ্ঠীয়  বাৰে ৰহনীয়া সাংস্কৃতিক পৰম্পৰাৰ অৱসান ঘটাৰ উপক্ৰম হোৱাৰ উদাহৰণো যথেষ্ট ওলাব। সাম্প্ৰতিক সময়ছোৱাত অসমৰ এনে বহু ক্ষুদ্ৰ জাতি-গোষ্ঠীয়ে নিজৰ সাংস্কৃতিক-ভাষিক পৰিচয়ক লৈ সজাগ হোৱাতো উত্সাহজনক কিন্তু বৃহত্তৰ ভাৱে সকলো জাতি-জনগোষ্ঠী অসমীয়া ৰূপে একগোট হৈ থাকিব নোৱাৰিলে এই উত্সাহ কিন্তু অশনি সংকেতলৈহে ৰূপান্তৰিত হ’ব।

অলপ বহলকৈ চালে অসমীয়া জাতিৰ বাবেও এক জটিল সময় উপনীত হৈছে যে সেয়া বুজিবলৈ অসুবিধা নহয়। অসমীয়া জাতিৰ তথাকথিত উদাৰ মনোভাৱৰ গইনালৈ উত্তৰ-ভাৰতীয় সাংস্কৃতিক উপাদানৰ সাৱলীল প্ৰৱেশ কিন্তু এতিয়া উত্সাহজনক হৈ থকা নাই। এই প্ৰক্ৰিয়া সাংস্কৃতিক সমন্বয় কিম্বা অভিযোজনৰ গণ্ডীৰ বাহিৰ ওলাই এক আগ্ৰাসী ভূমিকা লোৱা যেন পৰিলক্ষিত হ’য়। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক উপাদানেৰে বাখৰ খটোৱা  আমাৰ নিজস্ব বাৰে-ৰহনীয়া সাংস্কৃতিক উপাদানসমূহ আমদানিকৃত সংস্কৃতিৰ প্ৰভাৱত আমাৰ বুকুৰ পৰা আতৰি যাবলৈ লোৱাটো কিন্তু এক অতি চিন্তনীয় বিষয়।

আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰতো এক অনুৰূপ ঘটনাই পৰিলক্ষিত হ’য়। সৰু-বৰ জনগোষ্ঠী সমূহৰ সাম্প্ৰতিক সাংস্কৃতিক চেতনাৰ  জাগৃতিৰ ক্ষেত্ৰত কোৱাৰ দৰে ভাষাৰ ক্ষেত্ৰতো আমি  বৃহত্তৰ ভাৱে একত্ৰীত হৈ নাথাকিলে অসমীয়া ভাষাৰ এক জটিল সময় সমাগত। অসমীয়া জাতিৰ অতি-আৱেগ আৰু অতি-জাতীয়তাবাদে এটা সময়ত এই কুটিল পাকচক্ৰৰ মাজৰ পৰা বোকোছাৰটো দলিয়াই কোলাৰটো পুনৰ আজুৰি লব বিচাৰিলেও কিন্তু সেইয়া সহজ হৈ নাথাকিবগৈ।

 

Facebooktwittergoogle_plusredditpinterestlinkedinmailFacebooktwittergoogle_plusredditpinterestlinkedinmail