শিশুটিৰ কি দোষ?

এখন ফটোগ্ৰাফে কেতিয়াবা জোকাৰি থৈ যাব পাৰে সমগ্ৰ সত্বাক!

এটা কণমানি শিশু, এহাতত এখন আধাজ্বলা কুঁহিপাঠ, আনখন হাত ভয়ত মুঠি মাৰি ধৰি থকা । খালী ভৰি, পিঠিত স্কুল বেগ, ভয়াৰ্ত্ত চেহেৰা, দৌৰিছে এক নিৰাপদ স্থান অভিমুখে।

বহু সময় ধৰি থৰ লাগি চাই থাকিলো ছবিখন, কব নোৱাৰাকৈয়ে চলচলিয়া হৈ পৰিল দুচকু। এক বুজাব নোৱাৰা অনুভৱে মোৰ অন্তৰাত্মাক জোকাৰি পেলালে।

মই কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতবাদত বিশ্বাসী নহয়, মই কোনো ৰাজনৈতিক দলৰ সদস্যও নহয়। সেইদৰে ৰাজনীতি বিদ্বেষীও নহওঁ। কিন্তু এনে কিছু মুহুৰ্তত মোৰ ঘোৰ ৰাজনীতি বিদ্বেষী হ’বৰ মন যায়। বিশ্বাস কৰিবলৈ মন নাযায়, ৰাজনীতিত কোনো নীতি বা নৈতিকতাৰ তিলমানো কিবা বাকী আছে বুলি!

ভোটৰ  ৰাজনীতি, চকীৰ ৰাজনীতিৰ বাদে আজিৰ ৰাজনীতিত আৰু অন্য কিবা গঠনমুলক কাম নতুবা আলোচনা হোৱা আমাৰ জ্ঞাত নহয়। গণতন্ত্ৰৰ ভয়াবহ অৱক্ষয় যেন আৰম্ভ হৈ গৈছে। ব্যক্তি স্বাৰ্থক ছলে-বলে-কৌশলে সমজুৱাৰ স্বাৰ্থ বুলি প্ৰতিপন্ন কৰাৰ কুটনীতিত ব্যস্ত ৰাজনীতিজ্ঞ সকল। এনে ভয়াবহ পৰিস্হিতিৰ ফচল এই ছবিখন।
শিশুটিৰ কি দোষ? সি কাৰ স্বাৰ্থ পূৰণ কৰে? ভৱিষ্যতৰ ভেটি গঢ়াৰ এই সোণালী ক্ষণত সি হাতত জ্বলা কিতাপ, নগ্ন ভৰিৰে মাথো দৌৰিছে এক ভয়াবহ সময়ৰ সাক্ষী হোৱাৰ ভয়াবহ স্মৃতি কঢ়িয়াই। তাৰ সুকোমল মানস পটত সি কঢ়িয়াই লৈ ফুৰিব এই যাতনা ওৰেটো জীৱন। এখন সুস্থ সমাজৰ সুস্থ নাগৰিক গঢ়াৰ এয়া কেনেকুবা প্ৰস্তুতি।

আমি সকলোৱেই দৌৰিছো, কোনোবাই ৰাজনীতিৰ পথাৰত, কোনোবাই জীৱিকাৰ তাড়নাত, কোনোবাই সতে-অসতে ধন ঘটাৰ প্ৰতিযোগিতাত মাথো দৌৰি আছো। এক নিৰাপদ স্থিতি বিছাৰি আমি সকলো যেন আজি নিৰাপত্তাবিহীন।

শিশুটি দৌৰিছে এক নিৰাপদ স্থান অভিমুখে, কিন্তু কোনে জানে সেই নিৰাপদ স্থান বাৰু অক্ষত আছেনে? নে এই হিংসাৰ দ্বাবানলে সি গৈ পোৱাৰ আগতেই সেয়া মষিমূৰ কৰিয়েই পেলালে।

এইখন সমাজৰেই অঙ্গ বুলি নিজৰ ওচৰতে অপৰাধী যেন লাগিবলৈ ধৰিছে। একোৱেইটো কৰিব নোঁৱাৰো তাৰ বাবে! তাক এবাৰ বুকুত সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে, কান্দি কান্দি যেন তাক বুজাই দিম, সমাজৰ বিয়াগোম কলা শক্তিবোৰৰ ওচৰত আমি কিমান নিৰুপায়!

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

One thought on “শিশুটিৰ কি দোষ?

  1. Anjana Tamuli

    তাৰ দোষ এয়ে যে – সি এনে এটা সময়ত জন্ম লাভ কৰিলে যেতিয়া মানুহৰ চাৰিত্ৰিক বৈশিষ্টবোৰ ক্ৰমে জানোৱাৰৰ দৰে হ‘বলৈ ধৰিছে, যেতিয়া মানুহে মানুহৰ বাবে ভাৱিবলৈ এৰিছে । চাৰিওদিশে মাথো কিছুমান ক্ষমতালোভী মানুহে নিজৰ স্বাৰ্থৰহকে পিয়াপি দি ফুৰিছে। যদি এচামে হাতত কিতাপ ল‘বলৈ শিকাইছে অন্য এচামে হাতত বন্দুক তুলিবলৈ বাধ্য কৰাইছে । এইবোৰেই তথাকথিত ভণ্ড সমাজৰ একো একোটা নমুনা !!!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *