শাৰদীয় শুভকামনা

imageআকৌ শৰৎ আহিল৷ শেৱালি ফুলিল, নিয়ঁৰ সৰিল৷ এক উৎসৱমুখৰ আয়োজনত ব্যস্ত চৌপাশ৷
প্ৰকৃতিৰ নিয়মৰো হানি বিঘিনি ঘটে, প্ৰাকৃতিক গতিময়তাক যেতিয়াই যান্ত্ৰিকতাৰ হাঁতোৰাই বাধা দিবলৈ আৰম্ভ কৰে তেতিয়াই পৰিবৰ্ত্তন আহে৷ প্ৰকৃতিৰ স্বাভাৱিকতাৰ পৰিবৰ্তন সদায়েই মানুহৰ হিতে নঘটে ৷ মানুহৰ বিলাসিতা, যান্ত্ৰিকতাৰ যাত্ৰাক মোকাবিলা কৰিবলৈ মানুহ বাৰে বাৰে ঘূৰি যায় প্ৰকৃতিৰ কাষলৈ৷
মাতৃৰ উদাৰতাৰে মানুহৰ সকলো প্ৰয়োজনক পূৰণ কৰি অহা প্ৰকৃতিৰ বুকু শুদা কৰি স্বাৰ্থপৰতাৰ চৰম নিদৰ্শণ দাঙি ধৰি আমি লাহে লাহে শেষ কৰি আহিছো প্ৰকৃতিৰ এটা এটা সম্পদ৷ বিনিময়ত প্ৰকৃতিৰ প্ৰয়োজনীয়তাখিনিৰ কথা আমি কদাপি চিন্তা কৰি নাচাওঁ৷
আপোন মাতৃৰ বুকু আজুৰি আমি নিজৰেই কাইলৈবোৰ অনিশ্চয়তাৰ চৰম গহ্বৰলৈ ঠেলি নি আছো৷
উৎসৱৰ নামত শব্দ, ধোঁৱা, পোহৰৰ প্ৰতিযোগিতা পাতি আমি দেখোন পাহৰিয়েই যাওঁ উৎসৱৰ পৱিত্ৰতা, শান্তিৰ স্তৱক৷ আমি বোৰে যন্ত্ৰৰ সতে ফেৰ পাতি যন্ত্ৰৱৎ হৈ যোৱাৰ উৎসৱহে পাতোঁ৷
এই শৰতত আমি আকৌ এবাৰ মানুহ হোৱাৰ পণ লওঁ, প্ৰতিদিনে অন্ততঃ যিকোনো এটা কাম নিঃ স্বাৰ্থভাৱে কৰোঁ৷ সপ্তাহত এজোপাকৈ বৃক্ষ ৰোপন কৰোঁ, অন্ততঃ মাহেকত এজন অসহায় ব্যক্তিক সহায় কৰোঁ৷ জীৱন যাত্ৰাৰ মাজতে ইচ্ছা কৰিলে প্ৰতিদিনে আমি এনে অলেখ সৰু সৰু কাম কৰি যাব পাৰোঁ, যাৰ বাবে সুকীয়াকৈ সময় উলিওৱাৰ প্ৰয়োজন নাথাকে, কিন্তু এই সৰু সৰু কামবোৰেই আমাক জীৱনৰ সঞ্জীৱনী শক্তি দিয়ে, মানৱতাক বুকুৰ মাজত বিচাৰি চাবলৈ এক সুযোগ দিয়ে ৷
এই শৰতে আমাক আকৌ এবাৰ শিশু কৰি তোলক, মানুহ কৰি তোলক৷
শৰতৰ ওলগ জনালোঁ৷

Facebooktwittergoogle_plusredditpinterestlinkedinmailFacebooktwittergoogle_plusredditpinterestlinkedinmail

Submit a comment