দুখীয়া

হলধৰৰ বয়স হৈছে। ছশমাযোৰ নিপিন্ধিলে বাতৰি কাকতৰ আখৰবোৰ ভালকৈ মনিব নোৱাৰে। ঘৈণীয়েক সেউতীৰো চুলিত ৰং লাগিল। সেউতীয়ে আখৰ নিচিনে। কেতিয়াবা হলধৰৰ মুকলি হোৱা কামিজৰ চিলাই অকণ মাৰিবলৈ বটিয়াডাল পিছে হলধৰেহে খাজি দিব লাগে। খেতিবাতিৰ কামবোৰ গাৱঁৰে অকণে চাই-চিতি দিয়ে। অকণ ল’ৰাটো ভাল। বুঢ়ী মাকজনীৰ কাৰণে পৰাখিনি সকলো কৰে। দেউতাক নিথৰ হোৱাৰ দিন হ’ল। সেইবেলি বৰকৈ খাটিলে সি। দেউতাকৰ অসুখত খেতি মাটি কেইডৰাও পৰ হ’ল। চহৰৰ পৰা দেউতাক যোৱা ভাজে ঘূৰি নাহিল। হাস্পাতালৰ ভৰণি ভৰিবলৈ মাটি কেইডৰা পানীৰ দৰতে দিব লগা হ’ল।
হলধৰৰ পুতেক বাপুকণ চহৰত থাকে। তাৰ ঘাই নাম মহেশ। বোৱাৰীও চহৰৰে। দুয়োটাৰে চাকৰি ভাল। চহৰতে মাটি-বাৰী, ঘৰ দুৱাৰ সকলো কৰিলে। এতিয়া গাঁৱৰ ফালে আহিবলৈ সময়ৰ নাটনি। যোৱাটো বিহুৰ আগৰ বিহুটোতে কেউটা দিনটিয়াকৈ আহিছিল। হলধৰক ম’বাইল ফোন এটা দি গৈছিল পুতেকে। পিছে চলাবলৈহে শিকা নহল হলধৰৰ। বাপুকণে ফোন কৰিবলৈ আৰু ফোন ধৰিবলৈ শিকাইছিল। যোৱাৰ পিছত দুদিনমান ফোন কৰিছিল সি। পিছে বিহুৰ পিছতে এদিন বৰষুণৰ পানী সোমাল, নচলা হ’ল। সেইভাজেই আছে এতিয়াও।
মাহেকে পষেকে বাপুকণে অকণৰ পৰা মাক-বাপেকৰ খবৰ-খাতি লৈ থাকে। অকণ ওচৰতে থাকিলে হলধৰৰ লগত দুই এষাৰ কথা পাতে। ভাল-বেয়া সোধে, মাতষাৰ শুনে। বুকুখন গধুৰ হয়। আহিবি নেকি বুলি সোধে। হলধৰে উত্তৰটো জানেই, তথাপি বাপেকৰ মন, কথাষাৰ খুলি নকয় কিন্তু মুখখন এবাৰ চোৱাৰ হেঁপাহ। হেঁপাহটো সেউতীৰো। কেতিয়াবা শোৱাৰ বেলা হলধৰক কয়- নাতিটো একেবাৰে আপোনাৰ গঢ়ৰে। হলধৰে নামাতে। সেউতীয়েও। ৰাতিটোৰে কথা পাতে দুয়োটাই। নিজানবোৰে শূল হৈ বিন্ধে। বুকুখন কৰবাত নিজান পৰে। বাগৰ সলায়, ৰাতিবোৰ দীঘল হৈ গৈ থাকে।
খেতি-বাতি. গৰু-গাইৰ মাজতেই আছিল হলধৰৰ জীৱন। বাপুকণ পঢ়াত ভাল আছিল। প্ৰাথমিক স্কুল নিলগত হলেও হলধৰে বাপুকণক পঢ়াইছিল, স্কুল খতি কৰিবলৈ নিদিছিল। হলধৰে নিজে প্ৰাথমিকৰ দেওনাখনহে পাৰ কৰিছিল। বাতৰি কাকত খন পঢ়িব পৰাকৈ আখৰকেইটা চিনে। নিজে বৰকৈ নপঢ়িলেও শিক্ষাৰ জোৰটো বুজে। সেয়ে বাপুকণৰ পঢ়াৰ যতি পৰিবলৈ নিদিলে। গাঁৱৰ পৰা চহৰ, এদিন মহানগৰ পালেগৈ বাপুকণ। পঢ়া-শুনা শেষ কৰি তাতে চাকৰিও পালে। প্ৰথমে ঘনাই আহিছিল ঘৰলৈ। লাহে লাহে নগৰৰ মোহে মায়া সানিলে। অহা-যোৱাবোৰ পাতলিলে। লাহে লাহে গাওঁখন পৰ হ’ল।
: বৰতা, কি ভাবি আছনো? চাহ চেঁচাই হ’ল হ’বলা।
অকণৰ মাতত হলধৰৰ তন্দ্ৰা ভাগিল। কালিৰ বাতৰিকাকতখন হাতত লৈ বাৰান্দাৰ বেতৰ চকীখনতে ৰ’দ পুৱাই থাকোঁতে হলধৰৰ দুচকু গধূৰ হৈ আহিছিল। সেউতীয়েনো কেতিয়া চাহবাতি দিলেহি গমেই নাপালে।
: নাই অ বোপাই। চিলমিলকৈ টোপনিয়েই ধৰিছিল। ই বাপুকণে কিবা খবৰ লৈছিল নেকি?
: অঁ, বৰতা, এইবাৰ বিহুত নাহে বুলি সি। কিবা জৰুৰী কাম আছে । আজিকালি গাওঁখনলৈ তাৰ টানেই নোহোৱা হ’ল নেকি।
হলধৰে একো নামাতিলে। কিছু সময় থৰ লাগি বাতৰিকাকত খনলৈকে চাই থাকিল। বাতৰি কাকতৰ সৰু সৰু আখৰবোৰ ধুৱলী-কুঁৱলী হৈ কুণ্ডলী পকাই বুকুৰ মাজৰ ঠাইখিনিত ঘূৰিবলৈ ধৰিলে। হলধৰে নজনাকৈয়ে বুকুৰ মাজৰ পৰা হুমুনিয়াহ এটা ওলাই আহি ধোঁৱাৰ মাজত হেৰাই গ’ল।
: পঢ়া-শুনা কৰি, ধন-বিত ঘটি, সেই ধন-বিতে যদি মৰমবোৰেই নোহোৱা কৰি পেলাই, তেনে আমিবোৰ নিৰাখৰী দুখীয়া হৈ থকাই ভাল অ অকণ।
হলধৰক মাত দি তেতিয়ালৈ অকণ কোনোবাখিনি পালেগৈ। হলধৰৰ কথাষাৰ চোতালৰ শূন্যতাতে ঘূৰি থাকিল।
Facebooktwittergoogle_plusredditpinterestlinkedinmailFacebooktwittergoogle_plusredditpinterestlinkedinmail

Submit a comment