কিতাপৰ মানুহ

এজন সাধাৰণ মানুহ। হাতত এটা জোলোঙা। মানুহজনক দেখিলে কোনো বিশেষত্ব চকুত নপৰে। হাতত কেইখনমান কিতাপ লৈ মানুহজন আমাৰ অফিচলৈ সোমাই আহিছিল, আনখন হাতত সেই জোলোঙাটো। কেতিয়াবা দুই এজন বিভিন্ন বস্তু ফেৰী কৰা মানুহৰ এনেকুৱা অহা-যোৱা চলি থাকে, অফিচৰ ব্যস্ততাৰ মাজত সেয়া মোৰ বাবে কোনো আকৰ্ষণৰ কাৰণ নহয়।
-কিতাপ লব নেকি?
তাত্ক্ষণিক ভাৱে প্ৰশ্নটোৰ প্ৰতি মোৰ কোনো প্ৰতিক্ৰিয়া নাছিল। বিভিন্ন অখ্যাত প্ৰকাশনৰ ৰঙচঙীয়া সাজোন কাচোনৰ এনচাইক্লপেডিয়া জাতীয় কিতাপ বিক্ৰীৰ বাবে অহা বহু যুৱক-যুৱতীৰ বিভিন্ন ধৰণৰ অফাৰৰ অভিজ্ঞতাও আছিল। সেয়ে মই বিশেষ গুৰুত্ব দিয়া নাছিলো। মানুহজন মোৰ টেবুলৰ ওচৰ চাপি আহি পুনৰ বাৰ প্ৰশ্নটো সোধিলে।
-কিতাপ লব নেকি?
এইবাৰ মানুহজনলৈ ভালদৰে লক্ষ্য কৰিলো। এনচাইক্লপেডিয়া জাতীয় কিতাপ বিক্ৰীৰ বাবে অহা ছুট টাই পিন্ধা যুৱক-যুৱতীৰ ধৰণৰ নাছিল মানুহজন। এজন সত্তৰোদ্ধৰ মানুহ। হাতত পঞ্জিকাকে ধৰি কেইখনমান অসমীয়া কিতাপ। মানুহজনৰ বিষয়ে কৌতুহল জাগিল। মানুহজনক মাতি বহিবলৈ কলো। কি কি কিতাপ আনিছে সোধিলো। তেওঁ জোলোঙাটো খুলি এখন এখনকৈ দেখুৱাই গল বিভিন্নখন অসমীয়া কিতাপ। একেবাৰে নতুনকৈ প্ৰকাশ হোৱা কিতাপৰ পৰা ধৰি বহুকেইখন শ্ৰেষ্ঠ অসমীয়া কিতাপলৈকে কঢ়িয়াই লৈ ফুৰিছে তেওঁৰ জোলোঙাত । বহুকেইখন অৱশ্যে মোৰ সংগ্ৰহত আছিল। কিতাপবোৰ দেখুওৱাৰ লগে লগে কিতাপৰ লেখক আৰু বিষয় বস্তুৰ ওপৰত এক সম্যক আভাসো দি গল মানুহজনে। ৰীতা বাইদেউৰ শেহতীয়া কিতাপৰ পৰা হোমেন বৰগোহাঞিৰ ‘প্ৰজ্ঞাৰ সাধনা’লৈকে, দিতিমনি গগৈৰ মালালাৰ ওপৰত লিখা কিতাপৰ পৰা গীতা ভৰালীৰ ‘জা-জলপান’লৈকে, তপন কুমাৰ শৰ্মাৰ ‘কৰ্ণফুলিৰ পাৰত’ৰ পৰা মণিকুন্তলা ভট্টাচাৰ্যৰ ‘বৰদোৱানী’লৈকে, অনুৰাধা শৰ্মা পূজাৰীৰ ‘মেৰেং’ৰ পৰা মনালিছা শইকীয়াৰ গল্পৰ কিতাপলৈকে বিভিন্নজনৰ বিভিন্ন খন কিতাপ দেখুৱাই গল তেওঁ। মোৰ বাবে আকৰ্ষণৰ কাৰণ হৈ পৰা বিষয়টো হৈছিল প্ৰতেকখন কিতাপৰ বিষয় বস্তুৰ বিষয়ে মানুহজনে ডাঙি ধৰা প্ৰাথমিক ধাৰণাটো। কেইবাখনো কিতাপ বাছি ললো। দুখনমান কিতাপ আনি দিব পাৰিব নেকি সোধিলো। তেখেতে পিছৰবাৰ আহোঁতে কিতাপকেইখন আনি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। তেখেতে সেই প্ৰতিশ্ৰুতিমতেই মোক আনি দি গল গীতালি বৰাৰ ‘বুদ্ধজায়া’খন।
কেৱল গুৱাহাটীতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰলৈকে মানুহজন গুছি যায় কিতাপ বিক্ৰীৰ বাবে । কিতাপ বিক্ৰীৰ পৰা পোৱা ধনেৰেই দৈনন্দিন প্ৰয়োজন পুৰোৱাৰ ওপৰিও পুত্ৰৰ এম. বি. এ. পঢ়াৰ খৰচলৈকে পুৰণ কৰি আহিছে মানুহজনে। মানুহজনৰ নাম ফলিন কলিতা। মানুহজন সাধাৰণ নাছিল। এক অগতানুগতিক বৃত্তিৰে মানুহজন সাধাৰণৰ পৰা অসাধাৰণলৈ উন্নীত হৈছে।
মানুহজন যেতিয়াই আহে দুখনমান হলেও কিতাপ নৰখাকৈ নাথাকোঁ। প্ৰতিবাৰেই কেইখনমান নতুন কিতাপ লৈ আহে মানুহজনে। মোৰ বাবে এক অভুতপূৰ্ব উত্স আৰু আনন্দৰ কাৰণ হৈ পৰিছে মানুহজন।
আন এটা কথা কবলৈ পাহৰিছিলো, প্ৰতিখন কিতাপ ১০ শতাংশ ৰেহাই মূল্যতহে বিক্ৰী কৰে মানুহজনে।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

Leave a Reply

Your email address will not be published. Required fields are marked *