কিছু সময় একান্ত নিজৰ সৈতে কটাওক

 

জীৱনৰ গতিশীলতাই আমাক বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ গঢ়ি তোলে। বিভিন্ন ক্ষেত্ৰত থকা প্ৰতিযোগিতাই আমাক টিকি থকিব পৰাকৈ সক্ষম কৰি তোলে যদিও আমি শাৰিৰীক আৰু মানসিক ভাৱে আমি বহু পৰিমানে ভাগৰুৱা হৈ পৰোঁ। এনে ধৰণৰ ভাগৰুৱা অৱস্থাক আমি মানসিক চাপ বুলি কওঁ। মানসিক চাপৰ বিভিন্ন স্তৰ থাকে। অত্যধিক মানসিক চাপে আমাৰ শৰীৰ আৰু মনক লাহে লাহে বাধাগ্ৰস্ত কৰি আনে। মানসিক চাপে আ্মাৰ কৰ্মদক্ষতা আৰু উৎপাদনশীলতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰে। সঠিক সময়ত আমি আমাৰ মানসিক চাপৰ কাৰক সমূহ চিনাক্ত কৰি তাৰ নিৰাময়ৰ উপায় হাতত নললে ই সময়ত দুৰাৰোগ্য ব্যাধিত পৰিণত হয়গৈ। অত্যধিক মানসিক চাপৰ কবলত পৰি বহু প্ৰতিভাধৰ ব্যক্তিও এটা সময়ত বিফলতাৰ সন্মুখীন হ’ব লগাত পৰে।

মানসিক চাপে আমাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে তাৰ তালিকা অন্তহীন। বিশেষকৈ ইয়াৰ ঋণাত্মক প্ৰভাৱে আমাৰ শৰীৰ আৰু মনৰ যি স্বয়ংক্ৰিয প্ৰাকৃতিক ভাৰসাম্যতা সেয়া ক্ৰমশঃ নোহোৱা কৰি পেলাবলৈ আৰম্ভ কৰি দিয়ে। এটা সময়ত এনে এটা পৰ্যায় পায়গৈ যে আমি শাৰিৰীক ভাৱে কোনো এটা কাম কৰাৰ সক্ষমতা ৰাখিও মানসিক ভাৱে তাক কৰাৰ বাবে অগ্ৰসৰ হ’ব নোৱাৰাত পৰোঁ। কিছু ক্ষেত্ৰত তাৰ বিপৰীতো ঘটে, যেনে  আমি মানসিক ভাৱে কোনো এটা কাম কৰাৰ সক্ষমতা ৰাখোঁ কিন্তু শাৰিৰীক ভাৱে সক্ষমতা অনুভৱ নকৰোঁ।

আজিৰ ব্যস্ততাপূৰ্ণ পৃথিৱীত আমি সকলোৱেই কম-বেছি পৰিমাণে মানসিক চাপৰ অধীন। প্ৰতিখন কৰ্মক্ষেত্ৰতেই আমি বিভিন্ন প্ৰকাৰে মানসিক চাপৰ সন্মুখীন হ’ব লগাত পৰে। ইয়াক এৰাই চলাৰ বিকল্প আমাৰ হাতত নথকা হৈ আহিছে, কিন্ত কিছুমান সৰু সৰু কাৰ্যপ্ৰণালীৰ জৰিয়তে মানসিক চাপক সহজেই পৰিচালনা কৰিব  পৰা যায়। এনেধৰণৰ বহুতো প্ৰক্ৰিয়া আছে যাৰ নিয়মীয়া অভ্যাসৰ জৰিয়তে মানুহে নিজকে শাৰিৰীক আৰু মানসিক ৰূপে অধিক কৰ্মক্ষম আৰু সৃজনশীল কৰি গঢ়ি তুলিব পাৰে।

শৰীৰ আৰু মনৰ যি স্বয়ংক্ৰিয প্ৰাকৃতিক ভাৰসাম্যতা সি শিশু অৱস্থাত আটাইতকৈ অধিক হৈ থাকে। সেয়ে শিশুসকল সহজে নাভাগৰে নতুবা নিত্য নতুন কামৰ বাবে আগ্ৰহী হৈ থাকে। বয়সৰ লগে লগে আমি মানসিক উৎকৰ্ষ সাধনৰ চেষ্টাত ব্ৰতী হৈ শাৰীৰিক বিকাশক বহু পৰিমাণে মনোযোগৰ আতৰত ৰাখোঁ। এই প্ৰক্ৰিয়া গোটেই জীৱনজুৰি চলি থাকে, কেতিয়াবা আমি শৰীৰৰ বাবে মনোযোগ দিওঁ আৰু কেতিয়াবা মানসিক বা বৌদ্ধিক বিকাশৰ বাবে, কিন্তু বহু কম সংখ্যকৰ বাহিৰে বেছিভাগেই এই দুয়োটা প্ৰক্ৰিয়াৰ ভাৰসাম্যতা বজাই নাৰাখে। ফলত,  আমি মানসিক চাপেই হওক বা শাৰীৰিক সক্ষমতাই হওক, এটা সময়ত ইয়াৰ সন্তুলন আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে।

বিশ্বৰ ভিভিন্ন প্ৰান্তত এই সমস্যাকলৈ বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। বিভিন্ন ধৰণৰ গৱেষণাৰ ফলসমূহে এটা কথা বাৰে বাৰে প্ৰতীয়মান কৰি আহিছে যে, এই সমস্যাৰ স্থায়ী সমাধান কিন্তু ঔষধ সেৱনৰ দ্বাৰা পাব পৰা নাযায়। দেখাত বিৰাট ডাঙৰ এটা সমস্যা হলেও ইয়াৰ সমাধান কিন্তু আমাৰ প্ৰত্যেকৰ নিজৰ ওচৰতেই থাকে। বিজ্ঞানে প্ৰমান কৰিছে যে আমি সমগ্ৰ জীৱনকালত আমাৰ মগজুৰ অতি  নিৰ্দিষ্ট পৰিমানৰহে ব্যৱহাৰ কৰাত সমৰ্থ হওঁ। প্ৰকৃততেই আমাৰ মগজুত মানসিক শক্তিৰ এক অক্ষয় ভাণ্ডাৰ আছে যাক আমি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাই। আমি আমাৰ মানসিক সক্ষমতা বৃদ্ধিৰ জৰিয়তে নিজকে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ লাহে লাহে গঢ়ি তুলিব পাৰোঁ। মানসিক সক্ষমতা বৃদ্ধিৰ বাবে আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰিব পাৰোঁ। নিয়মীয়াকৈ অভ্যাস কৰিব পৰা কিছু সৰু সৰু কাৰ্যপ্ৰণালী তলত উল্লেখ কৰা হ’ল।

  • সন্তুলিত আহাৰে আমাক বিভিন্ন ধৰণৰ শাৰিৰীক সমস্যাৰ পৰা মুক্ত কৰি ৰাখে। যিমান পাৰি লাহে লাহে চোবাই খোৱাৰ অভ্যাস কৰক। লাহে লাহে সম্পূৰ্ণকৈ চোবাই খালে অত্যধিক ভোজনৰ অভ্যাসো নোহোৱা হ’য়।
  • নিশা অতি কমেও ছঘণ্টা শোৱাৰ অভ্যাস কৰক। শৰীৰ আৰু মনৰ ক্লান্তি আতৰ কৰাৰ বাবে পৰিপূৰ্ণ নিদ্ৰা অতিশয় দৰকাৰী। নিশা দেৰিলৈকে জাগি থাকি কাম কৰাৰ সলনি পুৱা সোনকালে উঠি কাম কৰাৰ অভ্যাস কৰক। পুৱাৰ ভাগত শৰীৰ আৰু মন দুয়োটাই সজীৱ হৈ থাকে বাবে কৰ্মক্ষমতা বহু পৰিমানে বৃদ্ধি পায়।
  • প্ৰাণায়াম আৰু যোগাসনৰ অভ্যাস কৰক। পুৱা কিছুসময় প্ৰাণায়াম আৰু যোগাসনৰ অভ্যাস কৰিলে দিনটোৰ বাবে শৰীৰ আৰু মন দুয়োটাই সক্ৰিয় হৈ থাকে। ধ্যানৰ(মেডিটেচন)অভ্যাসে মনৰ একাগ্ৰতা আৰু সক্ষমতা বৃদ্ধি কৰে। কিছুসময়ৰ বাবে ধ্যান অৱশ্যেই কৰক।
  • গান শুনাৰ অভ্যাস কৰক। এটা ভাল গানে মনক পুণৰোজ্জীৱিত কৰি তোলে।
  • আনক সহায় কৰাৰ অভ্যাস কৰক। স্বাৰ্থবিহীনভাৱে কাৰোবাৰ বাবে কৰা অকনমান সহায়ে আপোনাক মানসিক অৱসাদৰ পৰা বাহিৰ কৰি আনে।

ব্যস্ততাপূৰ্ণ পৃথিৱীখনত আমি নিজৰ বাবে খুউব কম সময়হে ৰাখোঁ। দিনটোৰ ভিতৰত যেতিয়াই সময় পাই কিছুসময় নিজৰ সৈতে কটাওক। আপোনাৰ প্ৰিয় ৰং, প্ৰিয় ঠাই, প্ৰিয় কিতাপ আদি যিকোনো বিষয়ত মন দিয়ক। কিছুসময় চকুমুদি নিজৰ হৃদযন্ত্ৰৰ কম্পনকে অনুভৱ কৰক। আপোনাৰ নিজৰ সৈতে একাত্ম অনুভৱ কৰালৈকে চকুমুদি থাকক। নিজকে বহু উজ্জীৱিত অনুভৱ কৰিব।

এনেধৰণৰ বিভিন্ন সৰু সৰু অলেখ প্ৰক্ৰিয়া আমি প্ৰয়োগ কৰি নিজকে চাপমুক্ত কৰি ৰাখিব পাৰোঁ। এই ধৰণৰ প্ৰক্ৰিয়াবোৰে আমাক লাহে লাহে মানসিক আৰু শাৰিৰীক ভাৱে সৱল কৰি আনে। প্ৰকৃতিয়ে প্ৰতিটো বস্তুটোকেই অতি ভাৰসম আৰু সংবেদনশীল হিচাপে গঢ়িছে। শৰীৰ আৰু মনৰ প্ৰতি আপোনাৰ মনোযোগে শৰীৰ আৰু মনকো আপোনাৰ প্ৰতি মনোযোগী কৰি তুলিব।

 

Facebooktwittergoogle_plusredditpinterestlinkedinmailFacebooktwittergoogle_plusredditpinterestlinkedinmail

Submit a comment