প্ৰাকৃতিক সম্পদ আৰু অসমৰ আৰ্থসামাজিক উন্নয়ন

প্ৰাকৃতিক সম্পদৰ পৰা অসমৰ আৰ্থসামাজিক উন্নয়নৰ পৰিমান চালিজাৰি চালে আমি এক ঋণাত্মক সিদ্ধান্তহে পাওঁ। অসমৰ আৰ্থ-সামাজিক গাঁঠনি দ্বিত্বীয় মহাযুদ্ধৰ সময়ৰে পৰা চকুত পৰাকৈ পৰিৱৰ্ত্তন ঘটিবলৈ লৈছিল। অসমৰ অৰ্থনীতি আৰু গ্ৰাম্য সমাজৰ এই পৰিৱৰ্ত্তিত ৰেহ-ৰুপে আত্ম-নিৰ্ভৰশীল অসমীয়া কৃষি ব্যৱস্থাক জমিদাৰী ব্যৱস্থাৰ নাগ-পাশত আৱদ্ধ কৰি তোলে। ইয়াৰ পাছৰে পৰা অসমৰ গ্ৰাম্য অৰ্থনীতিৰ যি পতন আৰম্ভ হ’ল সেয়া আজিও শেষ হোৱা নাই। ১৮২৬ৰ পৰা আৰম্ভ হোৱা ব্ৰিটিছ আগ্ৰাসনৰ কবলৰ পৰা অসম আৰু অসমীয়াই কায়িক মুক্তি পালেও মানসিক মুক্তি আজিও নাপালে। ব্ৰিটিছৰ পৃষ্ঠপোষকতাতে আৰম্ভ হোৱা অসমৰ চাহ আৰু তৈলক্ষেত্ৰৰ মুনাফা আজি পৰ্য্যন্ত পূঁজিপতি বণিক গোষ্ঠীৰ দ্বাৰাহে নিয়ন্ত্ৰিত। উপনিবেশিক মানসিকতাৰ পৰা মুকলি হৈ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্ত্তনৰ অতীৱ প্ৰয়োজন আহি পৰিছে।নতুন প্ৰজন্মই এই ক্ষেত্ৰত বাটকটীয়া হ’ব লাগিব। নতুন প্ৰজন্মৰ মাজত এক বৰ্হিমুখী মানসিকতাৰ পৰিৱৰ্তে এক উদ্যোগমুখী মানসিকতা গঢ়ি তোলাৰ সময় সমাগত। অন্যথা অসমৰ আন এক আৰ্থ-সামাজিক অৱক্ষয়ৰ বাবে উত্তৰ প্ৰজন্মৰ ওচৰত আমিয়েই জগৰীয়া হ’ব লাগিব। যদিও শ্ৰুতিকটু আমি অসমীয়া সমাজ সম্প্ৰতি বৌদ্ধিক, আৰ্থ-সামাজিক প্ৰগতিৰ পৰিৱৰ্তে ক্ষণভঙ্গুৰ বিলাসী মানসিকতাৰে পৰিচালিত হৈছো যাৰ ফল এক অৱশ্যসম্ভাৱী নৈতিক দুৰ্যোগেৰে প্ৰতিফলিত হ’ব। সঠিক সময়ত আমি সজাগ নহলে এটা সময়ত প্ৰাকৃতিক সম্পদৰ মালিকীস্বত্বৰ বাবেও আমি চাহ আৰু তেলৰ দৰেই হাহাঁকাৰ কৰিব লাগিবগৈ। সঠিক সময় সমাগত, আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত পূঁজিপতি বণিক গোষ্ঠীৰ লোলুপ দৃষ্টি বহুদিনীয়া, এতিয়া সেই দৃষ্টি হাতোৰালৈ পৰিণত হবলৈ আৰম্ভ কৰিছেই। আমাৰ কৰণীয়বোৰ ঠিৰাং কৰিবৰ হ’ল।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

বুদ্ধজায়াঃ এক উপেক্ষিত নাৰীৰ জীৱন গাথা

buddhajaya

হিন্দু ধৰ্মীয় মহাকাব্য, আখ্যান আৰু উপাখ্যান সমূহৰ পুৰাতন কিছু চৰিত্ৰ যাক মুল কাহিনীত সাধাৰণতে অত্যধিক গুৰুত্ব আৰোপ কৰা নাযায়, তেনে চৰিত্ৰক লৈ বহু কেইখন ভাৰতীয় উপন্যাস লিখা হৈছে। নিতান্তই কাহিনীৰ প্ৰয়োজনত বা অধ্যায় বিশেষে ভুমুকি মাৰি যোৱা এনে বহু চৰিত্ৰ থাকে যাক অন্য দৃষ্টিকোনেৰে অৱলোকন কৰাৰ বহু অৱকাশ থাকি যায়।

হিন্দু ধৰ্মীয় মহাকাব্যিক চৰিত্ৰসমুহৰ বাহিৰৰ আন এক বহু চৰ্চিত বিশ্বমানৱ চৰিত্ৰ বৌদ্ধধৰ্মৰ প্ৰৱৰ্ত্তক গৌতম বুদ্ধৰ জীৱন সৰ্বদা চৰ্চিত কিন্তু বিপৰীতে গৌতম বুদ্ধৰ পত্নী গোপাৰ জীৱন কাহিনী সমানেই উপেক্ষিত। এই স্বল্পচৰ্চিত, উপেক্ষিত চৰিত্ৰ গোপাৰ জীৱনগাথাৰ এক অগতানুগতিক অৱলোকন –গীতালি বৰাৰ প্ৰথমখন উপন্যাস “বুদ্ধজায়া”।
সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত গল্পকাৰ গীতালি বৰাৰ প্ৰথমখন উপন্যাস “বুদ্ধজায়া” এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ বাবে সুখপাঠ্য হৈ উঠিছে। কাহিনীৰ ব্যাপ্তি আৰু সময়ৰাজিৰ বিশালতাই কাহিনীভাগ আগুৰি ৰাখিছে। এক ধ্ৰুপদ সত্যক কিছু উপেক্ষিত চৰিত্ৰৰ দ্বাৰা পুণঃঅৱলোকন কৰোঁতে উপন্যাসৰ স্ৰষ্টা গৰাকী পুৰামাত্ৰাই সফল হৈছে । কাহিনীৰ মুখ্য চৰিত্ৰ গোপাৰ অন্তৰ্দ্বন্দ, মানসিক জগতৰ এক পৰিমাত্ৰিক ছৱিৰ স’তে লেখিকাই খুউব সচেতন ভাৱে পাঠকক মুখামুখি কৰি দিছে।

শাক্যবংশীয় নাৰীসকলৰ জীৱনগাথাক এক ভিন্ন দৃষ্টিভঙ্গীৰে অৱলোকিত কৰাৰ বিপৰীতে যুগপুৰুষ বুদ্ধদেৱক এক সন্দেহৰ আৱৰ্ত্তৰ মাজলৈ লেখিকাই আনি তাৰ প্ৰভাৱ পাঠকৰ মাজলৈ এৰি দিছে। এক যুগদ্ৰষ্ট্ৰা, যুগনায়ক শাক্যবংশীয় ৰাজকুমাৰ গৌতমেই অৱশেষত শাক্যবংশ পতনৰ খলনায়ক হৈ উঠা নাইনে? শাক্যবংশৰ শেষ আশা গৌতম তনয় ৰাহুলক প্ৰব্ৰজা গ্ৰহনেৰে ভিক্ষুলৈ ৰূপান্তৰ কৰাৰ পাছতে শাক্যবংশৰ অন্তিম কিৰণখিনিও স্তিমিত হৈ পৰা নাইনে ?তাৰ বাবে তেওঁয়েই দায়বদ্ধ নহয়নে?এনে কিছু প্ৰশ্নই পাঠকৰ মনত হেন্দুলনি নোতোলাকৈ নাথাকে।

কাহিনীৰ গতি অতি সাৱলীল। কাহিনী উপস্থাপনৰ এক সুকীয়া ধাৰা আছে লেখিকাৰ। পৰিৱেশ সৃষ্টি আৰু বৰ্ণনৰ ক্ষেত্ৰত লেখিকাৰ দখল অনবদ্য। বৰ্ণনাৰ জৰিয়তে কাল্পনিক এক পৰিৱেশক সযত্নে পাঠকৰ মানসপটত তুলি ধৰে লেখিকাই।

শেষৰ দুটামান অধ্যায়ত কাহিনীভাগ সামৰাৰ তাড়নাত কিছু চমুৱাই অনা যেন অনুভৱ হ’ল। আভিধানিক শব্দৰ অধিক প্ৰয়োগৰ বাবে কেতিয়াবা পঠনত সাময়িক ব্যাঘাত জন্মিলেও কাহিনীৰ পটভুমিয়ে সেয়া দাবী কৰে বুলি লেখিকাই আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ আছে। কিছুমান শব্দক ঠাই ব্যতিৰেকে ভিন্ন ৰূপে ব্যৱহাৰ কৰা হৈছে, যিটো এৰাই চলিব পৰা গ’লহেতেন।

বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীত লেখকৰ বহু সীমাৱদ্ধতা থাকে। কল্পনাৰ পৰিধি কাহিনীৰ প্ৰয়োজনৰ অনুপাতে অথবা নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰতে বান্ধি ৰাখিব লগা হ’য়। কাল্পনিক কাহিনী বা কাল্পনিক চৰিত্ৰ ক্ষেত্ৰত ই শিথিল। সেয়ে বুৰঞ্জী অথবা বাস্তৱ চৰিত্ৰৰ আলমত গঢ় দিয়া এটা কাহিনীৰ ক্ষেত্ৰত প্ৰয়োজন হ’য় প্ৰচুৰ অধ্যয়ন আৰু মানসিক প্ৰস্তুতি। বুদ্ধজায়াৰ জৰিয়তে লেখিকাৰ সেই অধ্যয়ন আৰু চৰিত্ৰৰ মাজত তেওঁৰ বিচৰণ প্ৰস্ফুটিত হৈছে।

একেআষাৰে কব পাৰি -“বুদ্ধজায়া”ক এক অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় উপস্থাপন শৈলীৰ সুখপাঠ্য উপন্যাস ৰূপে গঢ়ি তোলাত লেখিকা গীতালি বৰা পুৰামাত্ৰাই সফল। এখন উপন্যাস অথবা কিতাপৰ জৰিয়তে লেখকৰ মনোজগততো বহু পৰিমানে বিচৰণ কৰিব পৰা যায়, “বুদ্ধজায়া”ত লেখিকাই তেওঁৰ অভিজ্ঞ মনোজগতত পাঠকক বিচৰণ কৰোৱাৰ ওপৰিও এক অনন্য পঠন অভিজ্ঞতা উপহাৰ দিছে।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

কিতাপৰ মানুহ

এজন সাধাৰণ মানুহ। হাতত এটা জোলোঙা। মানুহজনক দেখিলে কোনো বিশেষত্ব চকুত নপৰে। হাতত কেইখনমান কিতাপ লৈ মানুহজন আমাৰ অফিচলৈ সোমাই আহিছিল, আনখন হাতত সেই জোলোঙাটো। কেতিয়াবা দুই এজন বিভিন্ন বস্তু ফেৰী কৰা মানুহৰ এনেকুৱা অহা-যোৱা চলি থাকে, অফিচৰ ব্যস্ততাৰ মাজত সেয়া মোৰ বাবে কোনো আকৰ্ষণৰ কাৰণ নহয়।
-কিতাপ লব নেকি?
তাত্ক্ষণিক ভাৱে প্ৰশ্নটোৰ প্ৰতি মোৰ কোনো প্ৰতিক্ৰিয়া নাছিল। বিভিন্ন অখ্যাত প্ৰকাশনৰ ৰঙচঙীয়া সাজোন কাচোনৰ এনচাইক্লপেডিয়া জাতীয় কিতাপ বিক্ৰীৰ বাবে অহা বহু যুৱক-যুৱতীৰ বিভিন্ন ধৰণৰ অফাৰৰ অভিজ্ঞতাও আছিল। সেয়ে মই বিশেষ গুৰুত্ব দিয়া নাছিলো। মানুহজন মোৰ টেবুলৰ ওচৰ চাপি আহি পুনৰ বাৰ প্ৰশ্নটো সোধিলে।
-কিতাপ লব নেকি?
এইবাৰ মানুহজনলৈ ভালদৰে লক্ষ্য কৰিলো। এনচাইক্লপেডিয়া জাতীয় কিতাপ বিক্ৰীৰ বাবে অহা ছুট টাই পিন্ধা যুৱক-যুৱতীৰ ধৰণৰ নাছিল মানুহজন। এজন সত্তৰোদ্ধৰ মানুহ। হাতত পঞ্জিকাকে ধৰি কেইখনমান অসমীয়া কিতাপ। মানুহজনৰ বিষয়ে কৌতুহল জাগিল। মানুহজনক মাতি বহিবলৈ কলো। কি কি কিতাপ আনিছে সোধিলো। তেওঁ জোলোঙাটো খুলি এখন এখনকৈ দেখুৱাই গল বিভিন্নখন অসমীয়া কিতাপ। একেবাৰে নতুনকৈ প্ৰকাশ হোৱা কিতাপৰ পৰা ধৰি বহুকেইখন শ্ৰেষ্ঠ অসমীয়া কিতাপলৈকে কঢ়িয়াই লৈ ফুৰিছে তেওঁৰ জোলোঙাত । বহুকেইখন অৱশ্যে মোৰ সংগ্ৰহত আছিল। কিতাপবোৰ দেখুওৱাৰ লগে লগে কিতাপৰ লেখক আৰু বিষয় বস্তুৰ ওপৰত এক সম্যক আভাসো দি গল মানুহজনে। ৰীতা বাইদেউৰ শেহতীয়া কিতাপৰ পৰা হোমেন বৰগোহাঞিৰ ‘প্ৰজ্ঞাৰ সাধনা’লৈকে, দিতিমনি গগৈৰ মালালাৰ ওপৰত লিখা কিতাপৰ পৰা গীতা ভৰালীৰ ‘জা-জলপান’লৈকে, তপন কুমাৰ শৰ্মাৰ ‘কৰ্ণফুলিৰ পাৰত’ৰ পৰা মণিকুন্তলা ভট্টাচাৰ্যৰ ‘বৰদোৱানী’লৈকে, অনুৰাধা শৰ্মা পূজাৰীৰ ‘মেৰেং’ৰ পৰা মনালিছা শইকীয়াৰ গল্পৰ কিতাপলৈকে বিভিন্নজনৰ বিভিন্ন খন কিতাপ দেখুৱাই গল তেওঁ। মোৰ বাবে আকৰ্ষণৰ কাৰণ হৈ পৰা বিষয়টো হৈছিল প্ৰতেকখন কিতাপৰ বিষয় বস্তুৰ বিষয়ে মানুহজনে ডাঙি ধৰা প্ৰাথমিক ধাৰণাটো। কেইবাখনো কিতাপ বাছি ললো। দুখনমান কিতাপ আনি দিব পাৰিব নেকি সোধিলো। তেখেতে পিছৰবাৰ আহোঁতে কিতাপকেইখন আনি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। তেখেতে সেই প্ৰতিশ্ৰুতিমতেই মোক আনি দি গল গীতালি বৰাৰ ‘বুদ্ধজায়া’খন।
কেৱল গুৱাহাটীতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰলৈকে মানুহজন গুছি যায় কিতাপ বিক্ৰীৰ বাবে । কিতাপ বিক্ৰীৰ পৰা পোৱা ধনেৰেই দৈনন্দিন প্ৰয়োজন পুৰোৱাৰ ওপৰিও পুত্ৰৰ এম. বি. এ. পঢ়াৰ খৰচলৈকে পুৰণ কৰি আহিছে মানুহজনে। মানুহজনৰ নাম ফলিন কলিতা। মানুহজন সাধাৰণ নাছিল। এক অগতানুগতিক বৃত্তিৰে মানুহজন সাধাৰণৰ পৰা অসাধাৰণলৈ উন্নীত হৈছে।
মানুহজন যেতিয়াই আহে দুখনমান হলেও কিতাপ নৰখাকৈ নাথাকোঁ। প্ৰতিবাৰেই কেইখনমান নতুন কিতাপ লৈ আহে মানুহজনে। মোৰ বাবে এক অভুতপূৰ্ব উত্স আৰু আনন্দৰ কাৰণ হৈ পৰিছে মানুহজন।
আন এটা কথা কবলৈ পাহৰিছিলো, প্ৰতিখন কিতাপ ১০ শতাংশ ৰেহাই মূল্যতহে বিক্ৰী কৰে মানুহজনে।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

উত্তৰ :চুটিগল্প

ডেকা বয়সৰ উদ্ভট চিন্তাবোৰৰ ভিতৰত ৰমানন্দৰ এইটোও এটা অন্যতম চিন্তা আছিল । কেতিয়াও নঘটিব ধৰণৰ অসম্ভৱ কল্পনা কিছুমান কৰি ৰমানন্দ‍ই কিবা এক অদ্ভুত তৃপ্তি লাভ কৰিছিল । সি প্ৰায়ে কল্পনা কৰিছিল বহু আগতীয়াকৈ সি তাৰ মৃত্যুৰ সময়টো গম পাই গৈছে আৰু প্ৰয়োজনীয় সকলো কাম-কাজ সমাধা কৰি সি ঘড়ীলৈ চাই নিজৰ আসন্ন মৃত্যুলৈ অপেক্ষা কৰিছে । বহু ৰাতি সি এই অনুভৱটোৰ মুখামুখি হোৱাৰ চেষ্টা কৰে । কেতিয়াবা বিনিদ্ৰ ৰজনী পাৰ কৰি সি ভাৱে, অলপ সময়ৰ পিছতে সি গুছি যাব এইখন পৃথিৱীৰ কোনো আকৰ্ষণে টানিব নোৱাঁৰা এক অনন্ত ধামলৈ আৰু এটা এটাকৈ প্ৰতিটো মূহুৰ্ত্তক লিৰিকি বিদাৰি সি ৰৈ আছে সেই মূহুৰ্তলৈ ।

কল্পনাৰ বাহিৰে কেতিয়াবা সঁচাকৈ যে তাৰ জীৱনত এনে ঘটনা ঘটিব সেই কথা ৰমানন্দ‍ই ভূলতো ভাবিব পৰা নাছিল । কিন্তু সচাঁকৈয়ে যেতিয়া এনে এটা ঘটনা আচম্বিতে ঘটিছে বুলি সি গম পালে, সি কোনোপধ্যেই সিদ্ধান্ত গ্ৰহন কৰিব নোৱাৰিলে আনন্দ নে বিষাদ অনুভৱ কৰিছে। এটা কথা কিন্তু ৰমানন্দৰ মনলৈ লগে লগে‍ই আহিছিল যে জীৱনটোত বহু কিবাকিবি কৰিবলৈ বাকী থাকি গ’ল। অন্য প্ৰকাৰে কবলৈ হ’লে সমগ্ৰ জীৱনটো ৰমানন্দই এনেয়ে কটালে, এটা মনত ৰাখিব পৰা কামো কৰিবলৈ সমৰ্থ নহ’ল । যিদিনা ডাক্তৰ চৌধুৰীয়ে জনালে যে তাৰ লিউকেমিয়া হৈছে -লগে লগেই সি জীৱনৰ দেনা-পাওনাৰ হিচাবৰ পাত লুটিয়াবলৈ তৎপৰ হৈ উঠিছিল। বুজি পাইছিল মাত্ৰ কেইটিমান মাহৰ বাবেহে সি পৃথিৱীৰ আলহী। তেজত অস্বাভাৱিক ধৰণে বাঢ়ি অহা শ্বেত ৰক্তকণা বিলাকে ক্ৰমশঃ জীৱনৰ প্ৰতিটও হিচাব-নিকাচ অকামিলা কৰি এটা সময়ত তাৰ এই গতিশীল দেহক অকামিলা বুলি স্বীকৃতি দিব ।

গ্ৰীষ্মৰ কোনোবা এটা আবেলি অকণমান সজীৱ বতাহ লবলৈ বুলি কাছাৰী ঘাটত বহা আবেলি এটাৰ কথা তাৰ মনত পৰিল। একঘেয়ামী জীৱন-যাত্ৰাৰ মাজত এনেকৈ কাছাৰী ঘাটত বহি কোনোবা আবেলি জুৰ বতাহ লোৱাটো এক প্ৰকাৰ বিলাসেই আছিল তাৰ বাবে। তাৰ পত্নী নিৰলাৰ মৃত্যৰ এমাহৰ পিছৰ দিন আছিল সেইট। পৰলোকলৈ গুছি যোৱা মানুহবোৰে ইহলোকৰ বাবে এৰি যোৱা চিৰাচৰিত নিয়মবোৰ শেষ কৰি ৰমানন্দৰ খুউব ভাগৰুৱা আৰু অৱস যেন অনুভৱ হৈছিল। খোজকাঢ়ি খোজকাঢ়ি এনেয়ে ওলাই আহিছিল কাছাৰী ঘাটৰ ফালে আৰু গৰমৰ মাজত অকণমান সকাহ পোৱাৰ মানসেৰেই ৰমানন্দ কাছাৰী ঘাটত বহিছিল। ডুবিব ধৰা বেলিটো ৰঙচুৱা হৈ ইমানেই শান্ত যেন অনুভৱ হৈছিল যে তাক চাই কল্পনা কৰিবলৈ অসুবিধা হৈছিল গোটেই দিনটো ইয়েই মানুহ বোৰক উৎকট গৰমত উশাহ নোপোৱা অৱস্থা কৰিছিল। সেইদিনা ৰমানন্দৰ নিৰলালৈ খুউব বেছিকৈ মনত পৰিছিল। ভাব হৈছিল নিৰলা যেন তাৰ আকাশৰ সেই বেলিটো আছিল আৰু জীৱনৰ আবেলি হঠাৎ শান্ত সমাহিত ৰঙচুৱা বেলিটো হৈ তাৰ কাষৰ পৰা বিদায় লৈ গুছি গ’ল। তাৰ সিদিনাৰ তুলনাটো নিজৰ স’তে কৰিবৰ মন গ’ল। আবেলিৰ সেই বেলিটোক তাৰ নিজৰ লগত তুলনা কৰি তাৰ কিবা এটা ভাল লাগি গ’ল । ক্ৰমান্বয়ে নিস্তেজ, শেতা হৈ অহা এটা বেলি আৰু অলপ সময়ৰ পাছতে দিগন্তৰ কোনোবাখিনিত আঁৰ হৈ হেৰাই যাব । ৰমানন্দই নিজকে শীতৰ কোনোবা দিনৰ বেলি এটাৰ স’তে ৰিজাই চালে, যাৰ উত্তাপত গ্ৰীষ্মৰ প্ৰখৰতা নাছিল, আছিল মাত্ৰ কোনেও গম নোপোৱা নিস্তেজতা । গমি চালে সি, নভৱাকৈয়ে অহা তাৰ আবেলিটো খুউব দেৰিকৈ আহিল আৰু সি অনুভৱ কৰাৰ আগতেই দিনটো শেষ হৈ যাবৰে হ’ল ।

য’ৰ ধূলি বালিৰে জীৱনৰ অ-আ-ক-খ পঢ়িবলৈ আৰম্ভ কৰিছিল,সেই গাওঁখনলৈ মনত পৰিল ৰমানন্দৰ। গাওঁখনৰ কথা মনত পৰিলেই ৰমানন্দৰ প্ৰথমেই মনত পৰে হৰিধন কাইলৈ। গাওঁখনৰ মানুহবোৰৰ মুখবোৰ স্মৃতিৰ ধোঁৱাই অস্পষ্ট কৰি তুলিলেও হৰিধন কাইৰ মুখখন তাৰ স্পষ্টকৈ জিলিকি উঠে। হৰিধন কাইৰ হাতত ধৰিয়েই শৈশৱৰ প্ৰতিটো খোজ দিবলৈ শিকিছিল ৰমানন্দ‍ই। গোটেই অঞ্চলটোৰ নদী-বিল-পুখুৰীবোৰ হৰিধন কাইৰ লগত ৰমানন্দৰ চিনাকি হৈ পৰিছিল। কেতিয়াবা বেলি নুঠোতেই বৰশীৰ ডাঁৰ-দুডাল কান্ধত পেলাই ওলাই যোৱা হৰিধন কাই ৰমানন্দৰ বাবে আছিল প্ৰৱল কৌতুহল আৰু আকৰ্ষণৰ থল। বালি-ধূলি খেলি দিন পাৰ কৰাৰ পিছত লাহে লাহে যেতিয়া সি গছৰ আগ পৰ্য্যন্ত নিমিষতে বগাই উঠি যাব পৰা হ’ল,তেনেকুৱা এটা দিনতে সি হৰিধন কাইৰ লগত বৰশী বাবলৈ যাব পৰা হ’লগৈ। চামপৰা বিলত মাছধৰিবলৈ যোৱা দিন এটাৰ কথা তাৰ হৰিধন কাইৰ মুখখনৰ দৰেই জল-জল-পট-পটকৈ মনত আছে তাৰ। সিদিনা ৰাতিপুৱাই হৰিধন কাইৰ লগত ওলাই গৈছিল ৰমানন্দ। চামপৰা বিলৰ সিহঁতৰ প্ৰায় নিগাজী ঠাই ডোখৰত বহি বৰশী টোপাবলৈ আৰম্ভ কৰিছিল সিহঁতে। কেইবাবাৰো বৰশীৰ টোপ কাঢ়ি নিয়া ডাঙৰ মাছটো ধৰাৰ বাবে হৰিধনকাই যেন প্ৰতিজ্ঞাবদ্ধ। সিদিনা ৰমানন্দ আচৰিত হৈছিল। হৰিধন কাইয়ে বৰশীৰ ডাঁৰ তুলিলেই মাছ এটা উঠি অহাটো এটা চিৰ শাশ্বত নিয়ম যেনেই হৈ পৰিছিল । সিদিনা ৰমানন্দ‍ই প্ৰথমবাৰ দেখিলে- চিপ মৰা বৰশীৰ ডাঁৰ দালৰ পৰা টোপ বিহীন খালী বৰশীটো ওলমি আছে। এবাৰ এবাৰ কৈ বহুকেইবাৰ খালী বৰশীটো তুলি হৰিধনকাই হতাশ হৈ পৰা নাছিল বৰং দুগুন উৎসাহেৰে অকৌ বৰশী টোপাইছিল। মাছৰ লগত খেলি খেলি তেনেকৈ গোটেই দিনটোৱেই পাৰ হ’বৰ সময়তে ৰমানন্দ‍ই দেখিলে হৰিধনকাইৰ বৰশীত লাগি আহিছে এটা প্ৰকাণ্ড শ’ল মাছ -ৰঙচুৱা মাছটো তাৰ কিবা মায়াবী মায়াবী লাগি গ’ল । হৰিধন কাইৰ দুচকুত যুদ্ধজয়ৰ উল্লাস। কোনোমতে নিচিগাকৈ থকা বৰশীৰ ৰছীডাল তাক টানি থাকিবলৈ দি হৰিধন কাই তললৈ নামি দুহাতেৰে ধৰি মাছতো ওপৰোলৈ লৈ আহিছিল । এটা প্ৰকাণ্ড মাছ,ইমান ডাঙৰ মাছটো বৰশীডাল নিছিগাকৈ কেনেকৈ যে উঠিল ৰমানন্দ‍ই  একো ভাৱি নাপালে। ৰমানন্দৰ আচৰিত হোৱাৰ পৰ্ব তেতিয়াও শেষ হৈ যোৱা নাছিল। হৰিধন কায়ে সিদিনা কোনোদিনে নকৰা এটা আচৰিত কাম কৰি পেলালে। বৰশীৰ পৰা মাছতো খুলি দুহাতেৰে ধৰি আলফুলে পানীত এৰি দিলে। চকুৰ পচাৰতে মুকলি পানীত মাছতো নোহোৱা হৈ গ’ল। হৰিধন কাইৰ চকুত সিদিনা স্বাভাৱিক দৃষ্টি নাছিল। সেই চকুদুটালৈ চাই ৰমানন্দৰ শ’ল মাছটোৰ চকু দুটা সমুখত ভাঁহি উঠিছিল। একেই উদাস, ভাৱলেশহীন দুটা চকু,তালৈ চাই একো বুজিবও নোৱাৰি আৰু বেছি সময় চাই থাকিবও নোৱাৰি সেই দৃষ্টি। ৰমানন্দৰ সেই দুটা চকুলৈ মনত পৰিল। এতিয়াও মাজে মাজে তাক বিভ্ৰান্ত কৰি তোলে শূন্যতাই ।

কোনোদিন ৰমানন্দ‍ই ভাৱি চোৱা নাছিল জীৱনটোত সি কিমান সুখী নতুবা অসুখী ।এবাৰ তাৰ ভাৱি চাবৰ মন গ’ল,সি জীৱনটোৰ পৰা কিমান সুখ আজুৰি ললে নতুবা কিমান দুখ জীৱনটোৱে তাক দি গ’ল। সুখ-অসুখৰ হিচাপত সি কোনোদিনেই আগ্ৰহী নাছিল। বৰং যি পাইছে তাক সহজকৈ গ্ৰহণ কৰাৰ মনোভাবেৰেই সি ইমানদিনে চলি আছিল । ডাক্তৰৰ মুখত দুৰাৰোগ্য ৰোগৰ কথা শুনি সি বিচলিত হোৱা নাছিল। সকলোবোৰ সহজ ভাৱে লোৱাৰ মানসিকতাই নিজৰ মৃত্যুৰ মুখামুখি হ’বলৈও তাক বিচলিত কৰিব পৰা নাই । পত্নী নিৰলা আৰু এটা মাত্ৰ সন্তানেৰে তাৰ পৰিয়ালটোৰ অভাৱ নামৰ শব্দটোৰ স’তে কোনোদিনেই চিনাকি নাছিল। পত্নী আৰু পুত্ৰৰ বাবেই ৰমানন্দ‍ই সকলো উজাৰি  দিছিল | একমাত্ৰ পুত্ৰ ৰবীনেও বিদেশতে পঢ়া-শুনা কৰি নিজৰ পছন্দমতে বিদেশী বোৱাৰীৰ স’তে বিদেশতে থাকি যাব খুজিলে, ৰমানন্দ‍ই তেতিয়াও কোনো আপত্তি নকৰিলে। সহজভাৱে ল’বলৈ চেষ্টা কৰিলেও তাৰ বুকুত যেন এটা পুৰণা বিষে যেন খামোছ মাৰি ধৰিছিল। পত্নী নিৰলাই তাক এৰি যোৱাৰ সময়তো সি নিস্পৃহ হৈয়েই থাকিব পাৰিছিল। সকলোবোৰ সমস্যাৰ সমুখতে নিৰাসক্ত হৈ থাকি সি কোনোদিনেই দুখ অনুভৱ কৰিব পৰা নাছিল। সুখী-অসুখীৰ বিচাৰ কৰি নাচালেও অৱচেতন মনত সি সদায়েই নিজকে সুখী বুলি এটা ধাৰণা বান্ধি লৈ ফুৰিছিল। আজি প্ৰথমবাৰ সি অনুভৱ কৰিলে,যদিও সি নিজকে সুখী বুলি ধৰি লৈছিল,মনে মনে অকলশৰীয়া হৈ যোৱাৰ এটা দুখঃবোধে তাক সদায়েই ঘেৰি ৰাখিছিল। সেইবাবেই পত্নীৰ মৃত্যুৰ পাছতো ৰবীনক এবাৰ ঘূৰি আহ বুলি সি নকলে। ৰমানন্দই অনুভৱ কৰিলে গোটেই জীৱনটো সুখী হোৱাৰ ধাৰণা এটা কঢ়িয়াই লৈ ফুৰাটো আচলতে তাৰ নিজকে লুকুৱাই ৰখাৰ এটা নিজস্ব উপায়হে আছিল। যি ধাৰণাৰ বশৱৰ্ত্তী হৈ সি নিজকে ক্ৰমান্বয়ে অকলশৰীয়া কৰি তুলিছিল আৰু এদিন একেবাৰে অকলশৰীয়াত পৰিণত হৈ গ’ল ।

নিঃসংগতাই ৰমানন্দক এখন ভৰা সংসাৰৰ স্বাদ লোৱাৰ পৰা বহুত দূৰত ৰাখি থলে । কথাবোৰ ভাবি সি অলপ পৰ তভক মাৰি ৰ’ল। কোনোদিনেই নিঃসংগতাক অনুভৱ কৰিবলৈ সুবিধা নথকা জীৱন এটাৰ ওপৰত সি একান্ত নিজৰ ইচ্ছাৰেই নিঃসংগতাৰ বোজা জাপি দিলে। এই বয়সত নাতি-পুতি বোৱাৰীৰে ভৰা সংসাৰ এখনত ব্যস্ত থাকিব লাগিছিল অথচ সি সকলো সম্ভাৱনা নিজ হাতেৰেই ঢাহি মুহি অকলশৰে ব্যস্ত হৈ আছে তাৰ পোৱা-হেৰুওৱাৰ হিচাব-নিকাচত। সি সদায়েই ভাৱিছিল নিৰ্জঞ্জাল জীৱন এটাৰ গৰাকী হৈ সি কোনোদিনেই দুঃচিন্তাৰ মুখামুখি হ’ব লগা নহব। জীৱনৰ স’তে যুজাৰ অৱকাশ নাথাকিলে জীৱনৰ প্ৰতিটো মূহুৰ্ত্তৰ আমেজ বহু গুণে কমি যায়-আজি ৰমানন্দ‍ই ভাৱি চালে কোনোদিনে নভবা ধৰণে ।

হঠাতে জীৱনৰ সমীকৰণটো বৰ জটিল যেন অনুভৱ হ’ল ৰমানন্দৰ । একান্ত মনে কৰি যোৱা অংকটোৰ এটা অস্বাভাৱিক উত্তৰ ওলোৱাত ৰমানন্দ কলম কামুৰি থমকি ৰ’ল । যেন পৰীক্ষা হলৰ তিনিঘন্টা সময়ৰ মাথো পাঁচমিনিট বাকী থকা সময়ত ধৰা পৰিল এটা দীঘলীয়া প্ৰশ্নৰ উত্তৰ ভূল হৈ গ’ল আৰু নতুন কৈ আৰম্ভ কৰাৰ বাবে হাতত তিলমানো সময় নাই! জীৱনটোক লৈ ৰমানন্দ ভীষণ ভাৱে অসহায় হৈ পৰিল। পৰীক্ষা হলৰ পৰা ওলাই আহি সি হঠাতে আৱিষ্কাৰ কৰি পেলালে তাৰ উত্তৰ বহীৰ আটাইকেইটা উত্তৰেই ভুল।

ৰমানন্দৰ হৰিধন কাইৰ চকুহাললৈ মনত পৰিল। সিদিনা সি বুজি পোৱা নাছিল, কি আছিল সেই ভাৱলেশহীন চকু দুটাত। এইমাত্ৰ সি অনুভৱ কৰিলে জিকি জিকি হাৰি যোৱা সেই চকুহাল শ’লমাছটোৰো নহয়,হৰিধনকাইৰো নহয়,সেইহাল তাৰ নিজৰো চকু। ৰমানন্দৰ জীৱনটো এবাৰ নতুনকৈ আৰম্ভ কৰিবৰ মন গ’ল ।

এনাজৰী ডট কমত প্ৰকাশিত

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰৱৰ্ত্তী কাৰ্যপন্থা কি?

সমস্যা আৰু সংগ্ৰাম অসমৰ ইতিহাসৰ এৰাব নোৱাঁৰা অঙ্গ। তথ্যভিত্তিক নহয় যদিও সম্ভৱতঃ দেশৰ ভিতৰতে অধিক সংগঠন অসমতে ওলাব। সংগ্ৰাম যদিও অসমৰ ইতিহাস কিন্তু সফল সংগ্ৰামৰ উদাহৰণ অসমৰ ইতিহাসৰ পাতত এটাও নাই। প্ৰতিটো সংগ্ৰামৰ ইতিহাস ফহিঁয়াই চালে এইটো প্ৰতীয়মান হ’য় যে সংগ্ৰামৰ বিফলতাৰ কাৰণ সমূহো প্ৰায় একেধৰণৰ। অনিৰ্দিষ্ট কাৰ্যপন্থা, অত্যধিক আবেগ প্ৰৱণতা, নেতৃত্বৰ অবিবেচক সিদ্ধান্ত নতুবা বিশ্বাসঘাটকতা – এইকেইটা কাৰকেই অধিক ক্ষেত্ৰত সংগ্ৰামৰ গতি ৰূদ্ধ কৰি তোলে।

অসম প্ৰাকৃতিক আৰু মানৱ সম্পদেৰে অতি চহকী ৰাজ্য। কিন্তু তাৰ বিপৰীতে অন্তহীন সমস্যাৰেও  ভাৰাক্ৰান্ত। প্ৰকৃতিৰ নিয়ম সকলোতে প্ৰযোজ্য হ’য়। যেতিয়াই আপেক্ষিক নিৰ্ভৰশীল কাৰক সমূহৰ মাজত সমতা নোহোৱা হৈ পৰে তেতিয়াই সমস্যাৰ আৰম্ভণি ঘটে। এই সমতাৰ সূত্ৰ পৃথিৱীৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য, সেয়া প্ৰকৃতিয়েই হওঁক বা প্ৰশাসনেই হওঁক। প্ৰশাসনৰ ক্ষেত্ৰতো যেতিয়া উন্নয়ন আৰু ৰাজনৈতিক মুনাফা আদায়ৰ সমতা নোহোৱা হৈ পৰে তেতিয়াই বিপৰ্যয় আৰম্ভ হৈ যায়। অসমৰ অপৰ্যাপ্ত প্ৰাকৃতিক সম্পদৰ বিপৰীতে উন্নয়নৰ যি বিধস্ত্ব আৰু কৰুণ ৰূপ সিয়েই বাৰে বাৰে অসমৰ প্ৰতিটো প্ৰজন্মকে সংগ্ৰামৰ বাবে বাধ্য কৰি তুলিছে। অসমৰ পটভূমিত এক সুপৰিকল্পিত, সুসংগঠিত আৰু সুপৰিচালিত সংগ্ৰামৰ প্ৰয়োজনীয়তা বহুদিনীয়া। ইয়াত সংগ্ৰাম শব্দৰে মাথো উদ্দেশ্য প্ৰণোদিত, শাসন বিৰোধী কাৰ্যকলাপৰ কথা বুজোৱা নাই। সাম্প্ৰতিক প্ৰেক্ষাপটত সংগ্ৰাম বুলিলে ৰজা বিৰোধী শ্লোগান, বন্ধ ঘোষণা, অনশণ আদি যেনেই ভাৱ হবলৈ ধৰিছে। এনে ঘটনাসমূহক সংগ্ৰাম নতুবা বিপ্লৱৰ আখ্যা দিয়াতো সঠিক নহয়। কৰবাত ই কেনেবাকৈ সংগ্ৰামৰ অংশ হ’ব পাৰে কিন্তু উদ্দেশ্যবিহীন নতুবা উদ্দেশ্য প্ৰণোদিত ঘটনাক্ৰমে সংগ্ৰামৰ গতি ৰূদ্ধহে কৰে। সামগ্ৰিক উন্নয়নৰ বাবে এক দীৰ্ঘকালীন কৰ্ম-আচঁনি আৰু পৰ্যায়ক্ৰম অনুযায়ী ৰূপায়নৰ কাৰ্যপন্থা নিৰ্ধাৰণ নকৰাকৈ সংগ্ৰামৰ কল্পনা কৰিব নোৱাৰি। অসমৰ অলেখ সমস্যা সমূহৰ সমাধানৰ বাবে সঠিক কাৰ্যপন্থা আৰু কৰ্মসূচী প্ৰস্তুত কৰিবৰ বাবে বিস্তৃত অধ্যয়ন আৰু আলোচনাৰ প্ৰয়োজন আছে। আবেগেৰে পৰিচালিত সংগ্ৰামৰ কৰুণ পৰিণতি বাৰে বাৰে আমাৰ সন্মুখত উন্মোচিত হৈয়েই আছে, সেয়ে অসমৰ প্ৰেক্ষাপটত এক প্ৰকৃত অৰ্থত সংগ্ৰামৰ প্ৰয়োজন যি নিৰ্দিষ্ট আদৰ্শ আৰু উন্নয়নৰ উদ্দেশ্যৰে পৰিচালিত হওক, আবেগ নতুবা ৰাজনৈতিক প্ৰৰোচনাৰে নহ’য়।

এনে এক সংগ্ৰামৰ বাবে এক নিকা আৰু শক্তিশালী পৰিচালিকা শক্তিৰ প্ৰয়োজন, যাক জনসাধাৰণ তথা চৰকাৰ উভয়েই মানি চলিব পাৰে। সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সৰলীকৃত ধৰণেও সংগ্ৰাম অসম্ভৱ নহয়। এটা জাতিৰ উত্থানৰ বাবে, সৰ্বাঙ্গীন উন্নতিৰ বাবে, সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে ব্যৱহৃত সমগ্ৰ কৰ্মপদ্ধতিকেই সংগ্ৰাম বুলিব পাৰি। এনে এক ভূমিকাত কৃষক মুক্তি সংগ্ৰাম সমিতি অৱৰ্ত্তীৰ্ণ হোৱাৰ সময় আহি পৰিছে। এক সৱল সাংগঠনিক ভেটি আৰু জনসাধাৰণৰ সহযোগ এক সংগঠনৰ প্ৰাণশক্তি স্বৰুপ। এই দুটা প্ৰাণশক্তি প্ৰাপ্ত সংগঠনৰ প্ৰচুৰ সামাজিক দায়িত্ব থাকে, যাক সঠিক ভাৱে পালন নকৰিলে ই জনমত হেৰুওৱাৰ ভয় থাকে যাৰ অবিহনে অস্তিত্বৰ সংকট আহি পৰে। অসম সাহিত্য সভাৰ দৰে ব্যাপক প্ৰভাৱশালী সংগঠনৰ আজিৰ পৰিণতিও সেই সামাজিক দায়িত্ব পালন নকৰাৰে ফল।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেহতীয়া কাৰ্যকলাপৰ বিশ্লেষণে আমাক ইয়াৰ ভৱিষ্যত কাৰ্যপন্থা সম্বন্ধে এক সঠিক ছবি দাঙি ধৰিব নোৱাঁৰে। অসমৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ সঠিক ব্যৱহাৰ আৰু বিকাশৰ বাবে, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ যি অসমৰ অৰ্থনীতিৰ উত্থানৰ প্ৰধান অন্তৰায়, তাৰ স্থায়ী সমাধানৰ কিবা আঁচনিৰ ৰূপৰেখা আদিৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিবা আঁচনি প্ৰস্তুত কৰিছেনে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। এনে অলেখ সমস্যাৰ সমাধানৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঁচনি প্ৰস্তুত কৰাৰ দায়িত্ব আহি পৰিছে। সমস্যাৰ সমাধানৰ পথ ডাঙি ধৰি সংগ্ৰাম কৰিলে সি সমাধানৰ পথলৈ আগ বাঢ়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অসমবাসীয়ে সমাধানৰ পথ বিচাৰে। সংগ্ৰাম সমাধানৰ পথ হোৱাটোতহে সাৰ্থকতা, সমস্যাৰ সৃষ্টি কৰাত নহয়।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

শাৰদীয় শুভকামনা

imageআকৌ শৰৎ আহিল৷ শেৱালি ফুলিল, নিয়ঁৰ সৰিল৷ এক উৎসৱমুখৰ আয়োজনত ব্যস্ত চৌপাশ৷
প্ৰকৃতিৰ নিয়মৰো হানি বিঘিনি ঘটে, প্ৰাকৃতিক গতিময়তাক যেতিয়াই যান্ত্ৰিকতাৰ হাঁতোৰাই বাধা দিবলৈ আৰম্ভ কৰে তেতিয়াই পৰিবৰ্ত্তন আহে৷ প্ৰকৃতিৰ স্বাভাৱিকতাৰ পৰিবৰ্তন সদায়েই মানুহৰ হিতে নঘটে ৷ মানুহৰ বিলাসিতা, যান্ত্ৰিকতাৰ যাত্ৰাক মোকাবিলা কৰিবলৈ মানুহ বাৰে বাৰে ঘূৰি যায় প্ৰকৃতিৰ কাষলৈ৷
মাতৃৰ উদাৰতাৰে মানুহৰ সকলো প্ৰয়োজনক পূৰণ কৰি অহা প্ৰকৃতিৰ বুকু শুদা কৰি স্বাৰ্থপৰতাৰ চৰম নিদৰ্শণ দাঙি ধৰি আমি লাহে লাহে শেষ কৰি আহিছো প্ৰকৃতিৰ এটা এটা সম্পদ৷ বিনিময়ত প্ৰকৃতিৰ প্ৰয়োজনীয়তাখিনিৰ কথা আমি কদাপি চিন্তা কৰি নাচাওঁ৷
আপোন মাতৃৰ বুকু আজুৰি আমি নিজৰেই কাইলৈবোৰ অনিশ্চয়তাৰ চৰম গহ্বৰলৈ ঠেলি নি আছো৷
উৎসৱৰ নামত শব্দ, ধোঁৱা, পোহৰৰ প্ৰতিযোগিতা পাতি আমি দেখোন পাহৰিয়েই যাওঁ উৎসৱৰ পৱিত্ৰতা, শান্তিৰ স্তৱক৷ আমি বোৰে যন্ত্ৰৰ সতে ফেৰ পাতি যন্ত্ৰৱৎ হৈ যোৱাৰ উৎসৱহে পাতোঁ৷
এই শৰতত আমি আকৌ এবাৰ মানুহ হোৱাৰ পণ লওঁ, প্ৰতিদিনে অন্ততঃ যিকোনো এটা কাম নিঃ স্বাৰ্থভাৱে কৰোঁ৷ সপ্তাহত এজোপাকৈ বৃক্ষ ৰোপন কৰোঁ, অন্ততঃ মাহেকত এজন অসহায় ব্যক্তিক সহায় কৰোঁ৷ জীৱন যাত্ৰাৰ মাজতে ইচ্ছা কৰিলে প্ৰতিদিনে আমি এনে অলেখ সৰু সৰু কাম কৰি যাব পাৰোঁ, যাৰ বাবে সুকীয়াকৈ সময় উলিওৱাৰ প্ৰয়োজন নাথাকে, কিন্তু এই সৰু সৰু কামবোৰেই আমাক জীৱনৰ সঞ্জীৱনী শক্তি দিয়ে, মানৱতাক বুকুৰ মাজত বিচাৰি চাবলৈ এক সুযোগ দিয়ে ৷
এই শৰতে আমাক আকৌ এবাৰ শিশু কৰি তোলক, মানুহ কৰি তোলক৷
শৰতৰ ওলগ জনালোঁ৷

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

শিশুটিৰ কি দোষ?

এখন ফটোগ্ৰাফে কেতিয়াবা জোকাৰি থৈ যাব পাৰে সমগ্ৰ সত্বাক!

এটা কণমানি শিশু, এহাতত এখন আধাজ্বলা কুঁহিপাঠ, আনখন হাত ভয়ত মুঠি মাৰি ধৰি থকা । খালী ভৰি, পিঠিত স্কুল বেগ, ভয়াৰ্ত্ত চেহেৰা, দৌৰিছে এক নিৰাপদ স্থান অভিমুখে।

বহু সময় ধৰি থৰ লাগি চাই থাকিলো ছবিখন, কব নোৱাৰাকৈয়ে চলচলিয়া হৈ পৰিল দুচকু। এক বুজাব নোৱাৰা অনুভৱে মোৰ অন্তৰাত্মাক জোকাৰি পেলালে।

মই কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতবাদত বিশ্বাসী নহয়, মই কোনো ৰাজনৈতিক দলৰ সদস্যও নহয়। সেইদৰে ৰাজনীতি বিদ্বেষীও নহওঁ। কিন্তু এনে কিছু মুহুৰ্তত মোৰ ঘোৰ ৰাজনীতি বিদ্বেষী হ’বৰ মন যায়। বিশ্বাস কৰিবলৈ মন নাযায়, ৰাজনীতিত কোনো নীতি বা নৈতিকতাৰ তিলমানো কিবা বাকী আছে বুলি!

ভোটৰ  ৰাজনীতি, চকীৰ ৰাজনীতিৰ বাদে আজিৰ ৰাজনীতিত আৰু অন্য কিবা গঠনমুলক কাম নতুবা আলোচনা হোৱা আমাৰ জ্ঞাত নহয়। গণতন্ত্ৰৰ ভয়াবহ অৱক্ষয় যেন আৰম্ভ হৈ গৈছে। ব্যক্তি স্বাৰ্থক ছলে-বলে-কৌশলে সমজুৱাৰ স্বাৰ্থ বুলি প্ৰতিপন্ন কৰাৰ কুটনীতিত ব্যস্ত ৰাজনীতিজ্ঞ সকল। এনে ভয়াবহ পৰিস্হিতিৰ ফচল এই ছবিখন।
শিশুটিৰ কি দোষ? সি কাৰ স্বাৰ্থ পূৰণ কৰে? ভৱিষ্যতৰ ভেটি গঢ়াৰ এই সোণালী ক্ষণত সি হাতত জ্বলা কিতাপ, নগ্ন ভৰিৰে মাথো দৌৰিছে এক ভয়াবহ সময়ৰ সাক্ষী হোৱাৰ ভয়াবহ স্মৃতি কঢ়িয়াই। তাৰ সুকোমল মানস পটত সি কঢ়িয়াই লৈ ফুৰিব এই যাতনা ওৰেটো জীৱন। এখন সুস্থ সমাজৰ সুস্থ নাগৰিক গঢ়াৰ এয়া কেনেকুবা প্ৰস্তুতি।

আমি সকলোৱেই দৌৰিছো, কোনোবাই ৰাজনীতিৰ পথাৰত, কোনোবাই জীৱিকাৰ তাড়নাত, কোনোবাই সতে-অসতে ধন ঘটাৰ প্ৰতিযোগিতাত মাথো দৌৰি আছো। এক নিৰাপদ স্থিতি বিছাৰি আমি সকলো যেন আজি নিৰাপত্তাবিহীন।

শিশুটি দৌৰিছে এক নিৰাপদ স্থান অভিমুখে, কিন্তু কোনে জানে সেই নিৰাপদ স্থান বাৰু অক্ষত আছেনে? নে এই হিংসাৰ দ্বাবানলে সি গৈ পোৱাৰ আগতেই সেয়া মষিমূৰ কৰিয়েই পেলালে।

এইখন সমাজৰেই অঙ্গ বুলি নিজৰ ওচৰতে অপৰাধী যেন লাগিবলৈ ধৰিছে। একোৱেইটো কৰিব নোঁৱাৰো তাৰ বাবে! তাক এবাৰ বুকুত সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে, কান্দি কান্দি যেন তাক বুজাই দিম, সমাজৰ বিয়াগোম কলা শক্তিবোৰৰ ওচৰত আমি কিমান নিৰুপায়!

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

কাহিনী

প্ৰতেক স্মৃতিৰ প্ৰেক্ষাপটত এক কাহিনী নিহিত হৈ থাকে। প্ৰতিজন মানুহ, প্ৰতিখন ছবি, প্ৰতিখন সমাজ, প্ৰতিটো ঘটনা আৰু প্ৰতিটো স্থাৱৰ-অস্থাৱৰ বস্তুৰ অন্তৰালত ভুমুকি মাৰিলে অনুধাৱন কৰিব পাৰি সেই কাহিনী। তাৰেই পিছে পিছে লিখক-সাহিত্যিকৰ অন্তৰ্ৱত্তী যাত্ৰা, দৈনন্দিন আলাপৰ উত্স, সৃষ্টি, কৃষ্টি আৰু ক’ত কি ! মানুহ আৰু মানুহৰ প্ৰতিটো কাম, সমাজ আৰু সমাজৰ সকলো ৰীতি-নীতি এনে কাহিনীৰ ভেটিতেই গঢ় লৈ উঠে। যাক আমি অন্য নামেৰে অভিজ্ঞতা বুলি কওঁ।

অভিজ্ঞতাৰ আলমতে গঢ় লৈ উঠিছে এই বিশাল মানৱ সভ্যতাৰ ভেটি।  জন্মৰ পৰা মৃত্যুলৈ এই গোটেই সময়ছোৱা মাথো কাহিনী গঢ়াৰেই নামান্তৰ। তাৰেই কোনোবা গৈ উপন্যাস, গল্পৰ চৰিত্ৰ হৈছে। সেই কাহিনীৰ স্ৰষ্টাও কাহিনীৰে দাস। এক আদি আৰু অন্তৰ মাজত বন্দী সকলো ঘটনা-পৰিঘটনা। অথচ আমি কিমান আত্মাভিমানী, হেৰাই নোযোৱাৰ বাবে যে আমাৰ কিমান প্ৰয়াস!

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

সেই শিলিখা গছ জোপা

তেতিয়া ম‍ই সম্ভৱতঃ তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ । বন বিভাগৰ সামাজিক বনানিকৰণ আচনিৰ অধীনত তেতিয়া প্ৰায়েই বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হৈছিল । আমাৰ বিদ্যালয়তো এই আচনিৰ অধীনত বৃক্ষৰোপনৰ কাম মাজে মধ্যে চলি থাকিছিল । বিদ্যালয়ৰ বৃহত্‍ চৌহদটোৰ চাৰিসীমা আৰু পিছফালৰ মুকলি অংশত আমি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছ পুলি ৰোৱাৰ এক অলিখিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিল ! মোৰ মনত পৰে, এবাৰ এটা শিলিখা পুলি মোৰ হাতত পৰিছিল, আৰু ম‍ই সেই পুলিটো ৰুইছিলো মূল প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই সোঁফালে থকা ঠাইখিনিত । লাহে লাহে সময় বাগৰিছিল, আমিও বিদ্যালয়ৰ ওপৰ শ্ৰেণী পাইছিলোগৈ । এদিন লক্ষ্য কৰিলো, সেই তাহানিতে ম‍ই ৰুৱা সেই শিলিখা জোপাত ডাল ভৰি শিলিখা লাগি আছে । মনটো ভাল লাগি গ’ল । কিবা এটা প্ৰাপ্তিৰ অনুভৱে মনটো ভৰাই তুলিলে । শৈশৱতে ৰুৱা সেই কণমানি পুলিটো আজি পুলি-পোখা মেলি এজোপা পূৰ্ণাংগ গছলৈ পৰিণত হৈছে । গছজোপাৰ তলত গৈ থিয় দি তলস’ৰা শিলিখা এটা বিচাৰি চাই মুখত দিলো । শিলিখাৰ কেহাঁ সোৱাদটো‍ও বৰ মিঠা মিঠা যেন অনুভৱ হ’ল ।

দিনবোৰ বাগৰিল, শৈক্ষিক চাৰিসীমাৰ পৰা পাৰ হৈ এদিন জীৱিকাৰ তাড়নাত কণমানি চহৰখন এৰি আতৰি আহিলোঁ, অহা-যোৱা বোৰ সীমিত হৈ পৰিবলৈ ধৰিলে । বহুদিনৰ বিৰতিৰ মূৰত এদিন বিদ্যালয়ৰ চৌহদত ভৰি থলোঁ, বহু সলনি হ’ল, আগৰ সেই আপোন যেন লগা বিদ্যালয়ৰ চৌহদটো বহু মুকলি হ’ল, আশে পাশে দোকান-পোহাৰৰ সংখ্যা বাঢ়িল, দোকান পোহাৰৰ ৰং-ৰূপ সলনি হ’ল । দুচকুৱে বাৰে বাৰে শেই শিলিখা জোপা বিচাৰি ফুৰিছিল, নাই, সেই ঠাইখিনি য’ত শিলিখাৰ পুলিটো ৰুইছিলো, য’ত থিয় হৈ শিলিখাৰ সোৱাদ লৈছিলো, সেই ঠাই ডোখৰ তেনেই মুকলি হৈ আছে, ঘাঁহ-বনবোৰো চিকুনাই নিমজ কৰি থোৱা আছে । কিছু সময়ৰ বাবে মানস চকুত ভাঁহি উঠিল শিলিখা জোপাৰ ছবি, স্বপ্নাৱিষ্টৰ দৰে থিয় দি থকিলো কিছুপৰ ! চকুৰ সমুখেৰে পাৰ হৈ গ’ল সেই গছ পুলি ৰোৱাৰে পৰা সেই শিলিখা লগাৰ মূহুৰ্তলৈ মোৰ স্মৃতি বিজড়িত প্ৰতিটো ছবি । শিলিখা জোপা নেদেখি মনটো সেমেকি উঠিল । এক বুজাব নোৱাৰা বেদনাই বুকুখন হেচাঁ মাৰি ধৰিলে । শৈশৱ হেৰাই গ’ল, শৈশৱৰ স্মৃতি বিজড়িত বহু মূহুৰ্তও হেৰাই গ’ল, সেই শিলিখা জোপাও হেৰাই গ’ল ক’ৰবাত আৰু তাৰ লগে লগে যেন লৈ গ’ল কিছু বুজাব নোৱাৰা অনুভৱ, আৰু বহুপৰ বুকুখন ভাৰাক্ৰান্ত হৈ থাকিল । আজিও মাজে মাজে মনত পৰে আৰু শিলিখা জোপা যেন জীৱন্ত হৈ আকৌ মোৰ ওচৰত ধৰা দিয়েহি মোৰ শৈশৱ হৈ ।

সাহিত্য ডট অৰ্গত প্ৰকাশিত

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail

সময়ৰ দিনলিপি

চক্ৰৱৎ পৰিৱৰ্ত্তনতে সুখানি চঃ দুখানি চঃ।
জীৱনৰ ধামখুমীয়াত আমি হেৰাই যাওঁ যাত্ৰাপথৰ কেঁকুৰিত, সময়ৰ চাকনৈয়াত। সেই জীৱন যাত্ৰাৰ লেখ-জোখ – এই সময়ৰ দিনলিপি।

facebooktwittergoogle_plusredditpinterestlinkedinmailfacebooktwittergoogle_plusredditpinterestlinkedinmail