smile_as

আকাশ

এক পৰিধিবিহীন সপোন আৰু ব্যাপ্তি- আকাশ।
আকাশৰ বিশালতাই আমাক সোঁৱৰাই দিয়ে জীৱন পৰিধিৰ ব্যাপ্তি।
এক অনন্ত উন্মাদনা আছে আকাশৰ, আছে বুকু চুই যোৱা শীতলতা।
শৈশৱত আকাশ আছিল সহস্ৰ কৌতুহল, যৌৱনত একান্ত পৰৰ লগৰীয়া..
জীৱনৰ পৰিক্ৰমাত খোজে খোজে সলনি হ’য় আকাশৰ পৰিভাষা,
বুকুৰ মাজতো মোৰ এখন আকাশ, সপোনৰ, সৃষ্টিৰ, ভালপোৱাৰ,
আকাশে মোক পলে পলে ৰাখে জীয়াই,
সেয়ে বাৰে বাৰে মনে মোৰ আকাশ ধিয়াই…
 7th-Anniversery