আকাশ বিচাৰি

আকাশ বিচাৰি ফুৰা এক অভিমানী মন। চিৰদিন শিশু হৈ থকাৰ হাবিয়াস, কিন্তু জীৱন বিচাৰি বিচাৰি ক’ৰবাত যেন হেৰাই থাকিল আকাশ ভাল পোৱা সেই শিশুটো!

জীৱন বিচাৰি

জীৱন বিচাৰি ক’ৰবাত অঘৰী হ’লো। গ্ৰেগ’ৰ চামচাৰ  দৰে দিন- ৰাত-বাট। ক’ত, ক’ত,  ক’ত সেই মোৰ জীৱনৰ বাট..!

মানুহ বিচাৰি

মানুহবোৰ মমৰ নে শিলৰ
এক যাযাবৰী পোছাকে মেৰিয়াই মেৰিয়াই
অচিনাকি কৰি তুলিছে মুখবোৰ